যোৰহাট, ২২ ছেপ্টেম্বৰ : কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰি কৃষকক লাভান্বিত কৰাৰ উদ্দেশ্যেৰে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে । অসমৰ কৃষিক্ষেত্ৰত সামগ্ৰিক পৰিৱৰ্তন অনাৰ উদ্দেশ্যেৰে অসম কৃষি বিশ্ববিদ্যালয়ে গ্ৰাম্য জ্ঞান কেন্দ্ৰ স্থাপন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । বতৰে বিধি-পথালি দিলেও কম পানী ব্যৱহাৰ কৰি বিকল্প ব্যৱস্থাৰে কৰিব পৰা ধান খেতি কৰাৰ ওপৰতো গৱেষণা আৰম্ভ হৈছে ।
২০১৮ বৰ্ষত আৰম্ভ কৰা এই অভিলাষী প্ৰকল্পটোৰ প্ৰথমখন নিৰ্বাচিত অগ্ৰণী কৃষক সভাত গৱেষকসকলে জানিবলৈ দিয়ে যে, নৰৱে চৰকাৰৰ অৰ্থ সাহায্যৰে নৰৱেৰ জৈৱ অৰ্থনীতি গৱেষণা প্ৰতিষ্ঠানৰ সমন্বয়ত অসমৰ গোলাঘাট আৰু শিৱসাগৰ জিলাৰ ৬ খন গাঁৱত এই প্ৰকল্পৰ অধীনত কাম কৰি ইতিবাচক ফলাফল লাভ কৰা পৰিলক্ষিত হৈছে ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ ব’ৰ্ড ৰূমত অনুষ্ঠিত এই সভাখনত বক্তব্য ৰাখি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই কয় যে, মূল্য সংযোজিত উৎপাদিত সামগ্ৰীৰ জৰিয়তে সম্পদৰ যথোচিত মূল্যায়নৰ তথা কৃষিক্ষেত্ৰত আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে । মূল্য সংযোজনৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ উৎপাদন শৃংখল বৃদ্ধি কৰি এই দিশত পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।
ইয়াৰ জৰিয়তে কৃষিক্ষেত্ৰত ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰি লাভজনক আৰ্হি তৈয়াৰ কৰিব লাগিব, যাতে কৃষকৰ শস্যৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায় । তিতাবৰৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আৰু এম এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সহযোগত চলি থকা প্ৰকল্পটোৰ এই বিশেষ সভাখনত উপস্থিত থাকে তিতাবৰৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড৹ তপন জ্যোতি ঘোষ ।
এই কৃষক সভাখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্য আৰু কৃষি সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠকেও বক্তব্য আগবঢ়ায় । প্ৰকল্পটোৰ বিষয়ে সবিশেষ বাখ্যা আগবঢ়াই প্ৰধান বিজ্ঞানী ড৹ সঞ্জয় কুমাৰ চেতিয়াই কয় যে, এই প্ৰকল্পৰ জৰিয়তে কৃষকৰ উপাৰ্জন ৮০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পৰা গৈছে । এই প্ৰকল্পৰ জৰিয়তে লাভ কৰা ফলপ্ৰসু প্ৰযুক্তি কৌশল বহল ভিত্তিত ৰূপায়ণৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে ।
গ্ৰাম্য জ্ঞান কেন্দ্ৰৰ জৰিয়তে দিখৌমুখ আৰু মেৰাপানীৰ সাত শতাধিক কৃষকক ভিডিঅ' মেছেজ, অডিঅ' মেছেজৰ জৰিয়তে বতৰৰ আগজননী, বেমাৰ আদি সম্পৰ্কত পৰামৰ্শ আগবঢ়োৱাৰ লগতে ঔষধ প্ৰয়োগ সম্পৰ্কতো যাৱতীয় নিৰ্দেশনা দি উপকৃত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । ভৱিষ্যতে কেমিকেল ডিলাৰশ্বিপ সংযোজন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে ।
প্ৰাৰম্ভিক পৰ্যায়ত ১২৩ জন নিৰ্বাচিত অগ্ৰণী কৃষকৰ জৰিয়তে আৰম্ভ কৰা এই গৱেষণা প্ৰকল্পৰ জৰিয়তে বৰ্তমান সাত শতাধিক কৃষকক আগুৱাই নিয়াৰ পাছত অধিক কৃষকক অন্তৰ্ভুক্ত কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে । প্ৰকল্পটোৰ অধীনত দুখন আদৰ্শ সমন্বিত কৃষি পামৰ জৰিয়তে ফলপ্ৰসূ উদ্ভাৱনী প্ৰযুক্তিৰ লক্ষ্য নিৰ্ধাৰণৰ লগতে বিগত বৰ্ষত অন্তৰ্ভুক্ত কৃষকৰ জৰিয়তে ১০০০ মেট্ৰিক টন ধান উৎপাদন কৰা হৈছে । ইয়াৰে ৫০০ মেট্ৰিক টন কৃষকে নিজাকৈ বিক্ৰী কৰি অধিক লাভান্বিত হৈছে । সামগ্ৰিকভাৱে অসম কৃষি বিশ্ববিদ্যালয়ে কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে লোৱা পদক্ষেপৰ জৰিয়তে আগন্তুক দুবছৰ ভিতৰত অধিক কৃষক লাভান্বিত হ'ব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক:নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড : কেমেৰা সন্মুখতে ছিলিণ্ডাৰ বিস্ফোৰণ