ETV Bharat / state

এনআৰচিক লৈ অতিৰিক্ত মুখ্য সচিবৰ উজনি অসম ভ্ৰমণ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পিচত হ'ব লগা সম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব গৃহ আৰু ৰাজনৈতিক বিভাগৰ সঞ্চালক কুমাৰ সঞ্জয় কৃষণে উজনি অসম ভ্ৰমণ

author img

By

Published : Jul 16, 2019, 7:40 PM IST

এনআৰচিক লৈ অতিৰিক্ত মুখ্য সচিবৰ উজনি অসম ভ্ৰমণ

যোৰহাট, 16 জুলাই : চলিত মাহৰ 31 তাৰিখে প্ৰকাশ পাব বহু প্ৰতিক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা ৷ সেয়েহে ইয়াৰ ফলত সন্মুখীন হ'ব লগা সম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব গৃহ আৰু ৰাজনৈতিক বিভাগৰ সঞ্চালক কুমাৰ সঞ্জয় কৃষণে উজনি অসম ভ্ৰমণ কৰে ৷ যোৰহাট জিলাৰ আৰ্ৱত ভৱন, যোৰহাট জিলা প্ৰশাসন, আৰক্ষী অধীক্ষকৰ লগতে যোৰহাটৰ ১৮ টাকৈ জাতীয় সংগঠনৰ লগত আলোচনাত মিলিত হয় অতিৰিক্ত মুখ্য সচিব গৰাকী ৷

ৰাজ্য চৰকাৰৰ মুখ্য সচিব গৰাকীয়ে মন্তব্য কৰা অনুসৰি, ছ'চিয়েল মিডিয়াৰ জৰিয়তে একাংশ জাতীয় সংগঠনৰ কৰ্মীয়ে নাগৰিকপঞ্জী সম্পৰ্কত বিভ্ৰান্তিকৰ মন্তব্য আগবঢ়াবলৈ সুযোগ যাতে নাপাই তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আহ্বান জনায় । অতি শীঘ্ৰে সমগ্ৰ ৰাজ্যৰ লগতে প্ৰতিখন জিলাতেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে এটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিব বুলিও জানিবলৈ দিয়ে অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে । উল্লেখযোগ্য যে, জাতীয় সংগঠনৰ সৈতে হোৱা বৈঠকত ৰাজ্যখনৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া হিৰেণ নাথ, মুকেশ আগৰৱালা, যোৰহাট জিলা প্ৰশাসনৰ উপায়ুক্তৰ লগতে নাগৰিক পঞ্জীৰে জড়িত বিষয়া উপস্থিত থাকে ।

লগতে পঢ়কঃ যিকোনো মূহুৰ্তত ডুবিব পাৰে উত্তৰ পূৱৰ দুৱাৰমুখ গুৱাহাটী

উজনি অসম ভ্ৰমণ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব।।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন জাতীয় সংগঠনৰে আলোচনা।।

অহা ৩১ জুলাই তাৰিখৰ দিনা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ সচৰা প্ৰকাশ পাব। যাৰফলত ঘটিব পৰা সাম্যম্ভ পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবৰ লগতে যাতে কোনো ধৰণৰ অপ্ৰতিকৰ পৰিস্থিতিৰ সৃষ্টি উদ্বভ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব গৃহ আৰু ৰাজনৈতিক বিভাগৰ সঞ্চালক
কুমাৰ সঞ্জয় কৃষনে উজনি অসমৰ ভ্ৰমণ কৰে।যোৰহাট জিলাৰ আৰ্ৱত ভৱন যোৰহাট জিলা প্ৰশাসন,আৰক্ষী অধীক্ষকৰ লগতে যোৰহাটৰ ১৮ টাকৈ জাতীয় সংগঠনৰ লগত আলোচনাত মিলিত হয়।ৰাজ্য চৰকাৰৰ মুখ্য সচিব গৰাকীৰ মতে যাতে ছচিয়েল মিডিয়াত একাংশ জাতীয় সংগঠনৰ কৰ্মীয়ে নাগৰিকপঞ্জী সম্পৰ্কত বিভ্ৰান্তিকৰ মন্তব্য নকৰে বা কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়।অতি শীৰ্ঘে সমগ্র ৰাজ্যৰ লগতে প্ৰতিখন জিলাই জিলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে এটাকৈ হ্লেপ লাইন নম্বৰ মুকলি কৰিব বুলিলে অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে।উল্লেখযোগ্য যে জাতীয় সংগঠনৰ সৈতে হোৱা বৈঠকত ৰাজ্য খনৰ আৰক্ষীৰ উচ্চ পদষ্ঠ বিষয়া হিৰেন নাথ আ জি পি এচ বি,মুকেশ আগৰৱালা এডি জি পি (আইন শৃংখলা) যোৰহাট জিলা প্ৰশাসনৰ উপায়ুক্ত লগতে নাগৰিক পঞ্জীৰে জড়িয়ত বিষয়া উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.