ETV Bharat / state

পথৰ দুৰৱস্থাই এতিয়া দুৰ্ভোগ ভোগাইছে যোৰহাটবাসীক ! - পথটোৰ দুৰৱস্থা

যোৰহাট সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ কমাৰবন্ধা পথৰ দুৰৱস্থা। ৰৰৈয়া বিমান বন্দৰ,মহিলা বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন বিভাগীয় কাৰ্যালয়লৈ যোৱাৰ একমাত্ৰ পথটোৰ দুৰৱস্থাই এতিয়া জুৰুলা কৰিছে অঞ্চলবাসীক ।

পথৰ দুৰৱস্থাই এতিয়া দুৰ্ভোগ ভোগাইছে যোৰহাটবাসীক !
author img

By

Published : May 6, 2019, 3:17 PM IST

যোৰহাট,৬ মে': যোৰহাট সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত কমাৰবন্ধা পথৰ দুৰৱস্থাই এতিয়া জীয়াতু ভোগাইছে যোৰহাটবাসীক। ইফালে অলপো কাণসাৰ নাই স্থানীয় বিধায়কৰ। যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ গৃহৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত্বত ৰৰৈয়া তিনি আলিৰ পথৰ দৃশ্যই উদঙাই দিছে যোৰহাটৰ যোগাযোগ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ।

পথৰ দুৰৱস্থাই এতিয়া দুৰ্ভোগ ভোগাইছে যোৰহাটবাসীক !

উল্লেখযোগ্য যে,এই পথৰে ৰৰৈয়া বিমান বন্দৰ,মহিলা বিশ্ববিদ্যালয়কে আদি কৰি বিভিন্ন বিভাগীয় কাৰ্যালয়লৈ যোৱাৰ একমাত্ৰ যোগাযোগকাৰী পথটোৰ দুৰৱস্থাই এতিয়া জ্বলাকলা খোৱাইছে অঞ্চলবাসীক। সেয়ে যোৰহাটৰ বিধায়কক শীঘ্ৰেই পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে সাধাৰণ ৰাইজে। ইয়াৰোপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী বিভাগৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পাছত ৰাজ্যৰ যোগাযোগ ব্যৱস্থা ক্ষীপ্ৰ কৰাৰ আশা কৰা হৈছিল যদিও বৰ্তমানে তেনে ধৰনৰ উন্নয়ন দেখা পোৱা নাই বুলি মন্তব্য কৰে সাধাৰণ ৰাইজে।

পথৰ দুৰৱস্থাই জিয়াটো ভূগাইছে ৰাইজক।।কান-খাৰ স্হানীয় বিধায়কৰ।।শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী বিধায়কক।।

যোৰহাট সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ কমাৰবন্ধা পথৰ দুৰৱস্থাই জীয়াটো ভূগাইছে স্হানীয় ৰাইজক।যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ গৃহৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত্বত ৰৰৈয়া তিনি আলিৰ পথৰ দৃশ্য ই দেখোৱাইছে যোৰহাটৰ যোগাযোগ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপটো।উল্লেখযোগ্য যে এই পথৰে ৰৰৈয়া বিমান বন্দৰ,মহিলা বিশ্ববিদ্যালয়কে আদি কৰি বহু কেইটা চৰকাৰী বিভাগৰ কায্যলয় যোৱা এক মাত্ৰ পথ।কিন্তু ৰৰৈয়া তিনি আলিৰ এই দূৰৱস্হাৰ বিষয়ে বিধায়ক গৰাকীক বহু বাৰ অবগত কৰিছে যদিও একো ফল ধৰা নাই বুলিলে স্হানীয় লোক সকলে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী বিভাগৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পাছত ৰাজ্যৰ যোগাযোগ ব্যৱস্থা ক্ষ্ৰীপ কৰাৰ আশা কৰা হৈছিল যদিও বৰ্তমানে তেনে ধৰনৰ উন্নয়ন দেখা পোৱা নাই।যদি বিধান সভাৰ অধ্যক্ষ গৰাকীৰ গৃহৰ নাতি দূৰত্ব তে গূৰুত্বপূৰ্ণ পথৰ এই অৱস্থা তথৈবচ হয় ৰাজ্য খনৰ বাকী পথ সমূহৰ কি অৱস্থা হব সেয়া সহজেই অনুময়ে।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.