যোৰহাট, 4 জুলাইঃ বৰ্তমান ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগটোত নাই পৰ্যাপ্ত স্থায়ী কৰ্মচাৰী । যি সকল আছে সেই সকলেও ন্যায্য প্ৰাপ্তিৰ বাবে কৰিবলগীয়া হৈছে প্ৰতিবাদ । যোৰহাট জিলাৰ বিদুৎ ভৱনত বৃহস্পতিবাৰে শতাধিক শক্তি বিভাগৰ কৰ্মীয়ে দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । যোৰহাট জিলা খনতেই আঠটাকৈ উপ-সংমণ্ডলত অস্থায়ী কৰ্মচাৰীয়ে কৰ্তব্য কৰি আহিছে বুলি উল্লেখ প্ৰতিবাদকাৰীৰ । যোৰহাটৰ আইলা-মুখ, মুৰমুৰিয়া, যোৰহাট চিকিৎসা মহাবিদ্যালয়, মৰিয়নি,অজন্তা বাইপাছ, চিনামৰা, ৰাঙ্গলীটিং, মাজুলী গড়মূৰ উপ-কেন্দ্ৰ কেইটাত বৰ্তমানেও অস্থায়ী কৰ্মচাৰীয়ে নিয়ন্ত্ৰণ কৰি অহাৰ ফলত বিশ্বনাথ চাৰিআলিৰ দৰে অনুৰূপ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ প্ৰতিবাদকাৰীৰ ।
যোৰহাট জিলা বিজুলী ভৱনত প্ৰতিবাদকাৰীৰ দাবী অতি শীঘ্ৰে যোৰহাট বৈদ্যুতিক চক্ৰৰ ৩ বছৰ অতিক্ৰম কৰা সকলো আই টি আই সহায়কৰ লগতে ৬ বছৰ অতিক্ৰম কৰা সকলো সহায়কক পদোন্নতি দিয়া । যোৰহাট বৈদ্যুতিক চক্ৰৰ অধীনৰ সকলো নিয়ন্ত্ৰণকক্ষ সহায়কৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি থকা কাৰ্য ততালিকে বন্ধ কৰাৰ লগতে বিধি অনুযায়ী অৰ্হতা আৰু যোগ্যতা সম্পন্ন কৰ্মীৰ নিয়োগ কৰা । জনসাধাৰণ আৰু বিদ্যুৎকৰ্মী বিষয়াৰ মাজত বিদ্যুতৰ পৰা হ'ব পৰা দুৰ্ঘটনা প্ৰতিৰোধ সজাগতা কৰ্মশালা আৰু প্ৰচাৰৰ ব্যৱস্থাৰ লগতে উন্নত মানদণ্ডৰ নিৰাপত্তাজনক সঁজুলি যোগান আৰু বিধি প্ৰযোজ্য কৰা । অৱসৰপ্ৰাপ্ত সকলো কৰ্মীৰ প্ৰাপ্য আদায় আৰু পেঞ্চন বিধি শক্তিশালী কৰা৷ এ পি ডি চি এল, এ পি জি চি এল,আৰু এ ই জি চি এলৰ অস্থায়ী কৰ্মী আৰু নতুন নিযুক্তিৰ সাক্ষাৎকাৰৰ ফলাফল অনতিপলমে ঘোষণা ও নিকা আৰু স্বচ্ছ ব্যৱস্থাৰে নিযুক্তি দিয়া । প্ৰৰোচনা, বৈষম্যমূলক আৰু প্ৰতিশোধমূলক স্থানান্তৰিত কৰণ বন্ধ কৰাৰ লগতে ভয় ভাবুকি বন্ধ কৰিবলৈ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কৰ্মচাৰীসকলে৷
আৰু পঢ়কঃ ডিগবৈ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণঃ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ