ETV Bharat / state

Liquor dealer in form of robber: মৰিয়নীত ডকাইতৰ ৰূপত অৰুণাচলী সুৰা ব্যৱসায়ী

মৰিয়নীত পোহৰলৈ এক চাঞ্চল্যকৰ ঘটনা(Crime cases rise in Mariani) । চিনেমাৰ কায়দাৰে অপহৰণ কৰি নাগালেণ্ডৰ অজ্ঞাত স্থানত শাৰীৰিক আক্ৰমণ যোৰহাটৰ পৰা সামগ্ৰী কঢ়িয়াই নিয়া মালবাহী ট্ৰাকৰ চালক হেন্দিমেনক(Driver-Handyman kidnapped and attacked) । কৌশলেৰে পলাই আহি চালক হেন্দিমেনে মৰিয়নী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে তিনিটাকৈ ডকাইতক ।

arunachali liquor dealer arrested as robber in mariani
মৰিয়নীত ডকাইতৰ ৰূপত অৰুণাচলী সুৰা ব্যৱসায়ী: আটক ৩
author img

By

Published : Jul 18, 2022, 8:09 PM IST

যোৰহাট,১৮ জুলাই: মৰিয়নীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা(Crime cases rise in Mariani) । পুনৰ আন এক ঘটনাই জোকাৰি গ’ল মৰিয়নী চহৰক । চিনেমাৰ কায়দাৰে দুৰ্বৃত্তই অপহৰণ কৰি নগালেণ্ডৰ কোনো অজ্ঞাত স্থানলৈ নি শাৰিৰীক নিৰ্যাতন চলালে দুজন লোকক(Driver-Handyman kidnapped and attacked) ।

জানিব পৰা মতে শনিবাৰে নিশা যোৰহাটৰ পৰা নাগালেণ্ডৰ জুনুবুটুলৈ সামগ্ৰী কঢ়িয়াওৱা মৰিয়নী হৈ যোৱা এখন মালবাহী মিনি ট্ৰাকক বাট আগুচি ধৰি চালক-হেন্দিমেনক দুখন বাহনত অহা ৫ জনীয়া ডকাইটৰ এটা দলে নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দি অপহৰণ কৰে । পৰৱৰ্তী সময়ত চকুত কলা কাপোৰ বান্ধি নাগালেণ্ডৰ কোনো অজ্ঞাত স্থানত নি প্ৰহাৰ কৰাৰ লগতে কাৰেন্টৰ শ্বৰ্ট দিয়ে ৷ ইয়াৰ মাজতে অতি কৌশলেৰে নিজৰ প্ৰাণ ৰক্ষা কৰি সেই স্থানৰ পৰা পলাবলৈ সক্ষম হয় মিনি ট্ৰাকখনৰ চালক আৰু হেন্দিমেন ।

মৰিয়নীত ডকাইতৰ ৰূপত অৰুণাচলী সুৰা ব্যৱসায়ী: আটক ৩

পৰৱৰ্তী সময়ত মৰিয়নী থানাত মালবাহী ট্ৰাকৰ চালক হেন্দিমেনে দাখিল কৰা এজাহাৰৰ ভিত্তিত মৰিয়নী আৰক্ষীয়ে আটক কৰে ডকাইতৰ দলটোৰ সদস্য ৰাজীৱ মিলি,নিৰেন কাৰ্ডং আৰু শ্ৰীমন্ত গগৈক ৷ ডকাইতৰ দলটোৰ আন দুজন সদস্য বৰ্তমানেও পলাতক হৈ আছে বুলি দানিব পৰা গৈছে । ইফালে ডকাইতৰ দলটোৰ এজন সদস্য অনুৰাগ চৌধুৰী মৰিয়নী মহাবিদ্যালয় ছাত্ৰ একতা সভা তথা ABVP ৰ সদস্য বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, আটাইকেইটা ডকাইত অবৈধ অৰুণাচলী সুৰা ব্যৱসায়ৰ সৈতে জড়িত আছিল (Liquor dealer in form of robber) । উল্লেখ্য যে ২০২০ চনত মৰিয়নী আৰক্ষী থানাৰ সন্মুখত অৱস্থিত ৰাইবাহাদুৰ চুন্নি লাল নামৰ তেল ডিপুত মাৰানাস্ত্ৰ দেখুৱাই সন্ত্ৰাস সৃষ্টি কৰিছিল ভৰত মিলিৰ লগতে দলটোৱে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, তেল ডিপুত সংঘটিত ডকাইটিৰ ঘটনাত মৰিয়নী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ABVP দলৰ সমাজ সেৱা বিভাগৰ সম্পাদক অনুৰাগ চৌধুৰীৰ গাড়ীখনো ব্য়ৱহৃত হৈছিল ।

লগতে পঢ়ক: Presidential Election 2022: দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ক লৈ অখিলৰ প্ৰশ্ন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.