ETV Bharat / state

স্কেচ্​ অংকনেৰে অখিল গগৈৰ মুক্তিৰ দাবী টীয়কৰ চিত্ৰশিল্পীৰ

author img

By

Published : Jul 21, 2020, 1:14 PM IST

টীয়কৰ উদীয়মান চিত্ৰশিল্পী জয়ন্ত শইকীয়াই কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অংকন কৰিছে কেইবাখনো স্কেচ্​ ৷ যুৱকগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সাব্যস্ত কৰে এই ব্যতিক্ৰমী প্ৰতিবাদ ৷

artist protest to free akhil gogoi from jail teok jorhat assam etv bharat news
অখিল গগৈৰ মুক্তিৰ দাবী

টীয়ক,21 জুলাই: শেহতীয়াকৈ বিভিন্ন স্কেচ্​ অংকনেৰে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে টীয়কৰ এগৰাকী চিত্ৰশিল্পী ৷ বিশ্ববিখ্যাত তাৰকা,বন্ধুবৰ্গ আদিক বিশেষ দিনত স্কেচ্​ অংকন কৰি শুভেচ্ছা জনাই ভালপোৱা চিত্ৰশিল্পী জয়ন্ত শইকীয়াই এইবাৰ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে ৷ আৰ্থিক দৈন্যতাক আওকাণ কৰি নিজ প্ৰতিভাৰ বলত উজলি উঠা জয়ন্তই চিত্ৰশিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে মাত্ৰ কেইডালমান পেঞ্চিল, ৰবৰ আৰু ইণ্টাৰনেটৰ সহায়ত প্ৰিয় ব্যক্তিৰ আলোকচিত্ৰ নিচেই কম সময়ৰ ভিতৰত স্কেচ্​ৰ জৰিয়তে সুন্দৰকৈ অংকন কৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবী

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন দল-সংগঠনে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ সমগ্ৰ অসমতে হৈ থকা এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই উদীয়মান চিত্ৰশিল্পী গৰাকীয়ে কৃষক নেতাগৰাকীৰ কেইবাখনো স্কেচ অংকন কৰি সামাজিক মাধ্যমৰ জৰিয়তে সাব্যস্ত কৰে ব্যতিক্ৰমী প্ৰতিবাদ ৷ শিল্পী গৰাকীৰ এই ব্যতিক্ৰমী প্ৰতিবাদী ভাষাই চৰকাৰৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া লক্ষণীয় হ’ব ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীক ৷

লগতে চাওকঃ নিশা বানপীড়িতৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.