যোৰহাট, 20 এপ্ৰিলঃ যোৰহাটত শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন ৷ 'An institute of interior designing' নামৰ শিক্ষা প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ পাচতেই যোৰহাটত আৰম্ভ কৰিছে এটি নতুন শাখা । Interior আৰু fashion designer কৌশল বিকাশ পাঠ্যক্ৰমৰে আৰম্ভণি কৰা শিক্ষা প্ৰতিষ্ঠানটোৱে শনিবাৰৰ পৰা আৰম্ভ কৰিছে পাঠদান । বৰ্তমানৰ প্ৰয়োজনীয়তা সম্ভাৱনা থকা কৌশল বিকাশ পাঠ্যক্ৰমৰ জৰিয়তে উজনি অসমৰ বহু শিক্ষিত যুৱক-যুৱতীয়ে আধুনিক শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব ৷
আনহাতে, এবছৰীয়া ডিপ্লমা পাঠক্ৰমত মুঠ চাৰিটা 16 জনীয়া শিক্ষাৰ্থীক আধুনিক কৌশল বিকাশ শিক্ষা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে শিক্ষা প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই ৷