ETV Bharat / state

টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাণত বিসংগতি - টীয়ক নগৰৰ মাজৰে নিৰ্মিত পানীৰ ড্ৰেইন

টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ ৷ ৰাইজে সভা পাতি জৱাবদিহি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পথ নিৰ্মাণত নিযুক্ত কোম্পানীৰ বিষয়াক ৷ ৰাইজে দিয়া অভিযোগ অনুসৰি ঠাইসমূহ পৰিদৰ্শন কৰি বিভাগীয় ক্ৰুটি সমূহ ঠিক কৰাৰ আশ্বাস প্ৰদান বিষয়া কৰ্মচাৰীৰ ৷

alleged defect in the construction of four lane roads in teok
টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাণত বিসংগতি
author img

By

Published : Dec 25, 2020, 1:36 PM IST

টীয়ক, 25 ডিচেম্বৰ : যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে নিৰ্মাণৰত চাৰিলেন যুক্ত পথৰ কাম অতি নিম্ন মানৰ হোৱাৰ অভিযোগ উত্থাপন কৰি টীয়কবাসী ৰাইজে শুকুৰবাৰে টীয়কৰ মা বিবাহ ভৱনত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ, পথ নিৰ্মাণত নিযুক্ত কোম্পানী লিংকন এণ্ড দিগনিতিৰ বিষয়ববীয়া সকলৰ সৈতে এক যৌথ সভা অনুষ্ঠিত কৰি বিষয়া সকলক জৱাবদিহি কৰে ৷

ৰাইজে জনাই যে টীয়ক নগৰৰ মাজৰে নিৰ্মিত পানীৰ নলা বিজ্ঞানসন্মতভাবে নিৰ্মাণ নকৰাৰ ফলত দীৰ্ঘদিন ধৰি ৰাইজে প্ৰতিবাদ কৰি আহিছিল যদিও আজিলৈকে একো সুফল লাভ নকৰিলে । অৱশেষত যৌথ সভাখনতে লাহদৈগড়কে আদি কৰি কেইবা স্থানতো নিৰ্মাণ সম্পূৰ্ণ কৰা পথ মাত্ৰ এমাহৰ ভিতৰতে ভাগি যোৱা, পানী ওলাই যোৱা নলাত বৃহৎ ফাঁট মেলা আৰু গেলা বোকাৰ ওপৰতেই মাটি পেলোৱা আদিৰ দৰে বিভিন্ন অভিযোগ উত্থাপন কৰি ৰাইজে উপস্থিত বিষয়ববীয়াৰ পৰা ইয়াৰ সঠিক উত্তৰ বিচাৰে ৷

জানিব পৰা মতে ৰাইজৰ বিভিন্ন অভিযোগত থৰ কাচুটি হেৰুৱাই বিষয়া সকলে ৰাইজে যি অংশত কাম বেয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সেই ঠাইসমূহ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ লগতে টীয়ক নগৰ এলেকাত পানী নিষ্কাষণৰ যি নলা নিৰ্মাণ কৰা হ'ল সেই নলা পুনৰ নিৰীক্ষণ কৰি ক্ৰুটি সমূহ দূৰ কৰা হ'ব বুলি ৰাজহুৱাকৈ আশ্বাস প্ৰদান কৰে ৷

জানিব পৰা মতে চাৰিলেনযুক্ত পথ নিৰ্মাণত ব্যৱহাৰ কৰিবলৈ প্ৰথমে মাটিৰ গুণাগুণ পৰীক্ষা কৰিব লাগে যদিও টীয়কত যি মাটি ব্যৱহাৰ কৰিছে সেইয়া অতি নিম্ন মানদণ্ডৰ।

লগতে পঢ়ক:যোৰহাট উত্তৰ-পূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বন ধংসযজ্ঞ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.