ETV Bharat / state

Allegations of theft against teacher: প্ৰধান শিক্ষকৰ বিৰুদ্ধে পাইপ চুৰিৰ অভিযোগ

তিতাবৰ মেলামাটিত মঙলবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিৱেশৰ । পাইপ চুৰি কৰাক লৈ নিশাৰভাগত একাংশ লোকে ভিৰ কৰে এখন বিদ্যালয়ত । বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ চুৰি কৰাৰ অভিযোগ (Allegations of pipe theft against headmaster in Jorhat) ।

Allegations of pipe theft against headmaster in Jorhat
প্ৰধান শিক্ষকৰ বিৰুদ্ধে পাইপ চুৰিৰ অভিযোগ
author img

By

Published : Apr 5, 2023, 10:41 PM IST

প্ৰধান শিক্ষকৰ বিৰুদ্ধে পাইপ চুৰিৰ অভিযোগ

যোৰহাট, ৫ এপ্ৰিল: শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত কালিমা সানিলে য়োৰহাটৰ এগৰাকী শিক্ষকে । শিক্ষকৰ বিৰুদ্ধে জ্ঞান পোহৰ বিলাই আমনি লাগিল তিতাবৰৰ এজন শিক্ষকৰ । সেয়ে প্ৰধান শিক্ষকগৰাকীয়ে পাঠদান পৰিৱৰ্তে লিপ্ত হল চুৰি কাৰ্যত । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ চুৰি কৰাৰ অভিযোগ তিতাবৰৰ মেলামাটি জুনিয়ৰ বেচিক স্কুলৰ প্ৰধান শিক্ষক অনন্ত খনিকৰৰ বিৰুদ্ধে (Allegations of pipe theft against headmaster in Jorhat) ।

ৰাইজৰ অভিযোগ পাঠদানৰ সমান্তৰালভাৱে চুৰি বিদ্যাতো পাৰ্গত প্ৰধান শিক্ষক অনন্ত খনিকৰ । জানিবপৰামতে, জনস্বাস্থ্য কাৰিকৰীৰ বিভাগৰ ৫ শৰো অধিক পাইপ বিদ্যালয়ৰ এটা কোঠাত লুকুৱাই ৰাখিছিল প্ৰধান শিক্ষক অনন্ত খনিকৰে । মঙলবাৰৰ নিশা বিদ্যালয়খনৰ পৰা পাইপসমূহ স্থানান্তৰ কৰিবলৈ লওতে স্থনীয় ৰাইজে হাতে লোটে ধৰা পেলায় শিক্ষকগৰাকীক (Allegations of theft against teacher) ।

প্ৰধান শিক্ষকগৰাকীৰ চুৰি কাৰ্য দেখি ভালে সংখ্যক স্থনীয় ৰাইজ ওলাই আহি সৃষ্টি কৰে এক উত্তপ্ত পৰিৱেশৰ । স্থানীয় লোকে জনস্বাস্থ্য কাৰিকৰী বিভাগক খবৰ দিয়াত ঘটনাস্থলীৰ পৰা পলায় কৰে প্ৰধান শিক্ষকগৰাকীয়ে । ঘটনাস্থলীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুজন কৰ্মচাৰী উপস্থিত হৈ পাইপসমূহ পৰীক্ষা কৰি জনস্বাস্থ্য বিভাগৰ পাইপ বুলি চিনাক্ত কৰে (Pipe theft of PHE in Jorhat) ।

প্ৰধান শিক্ষক অনন্ত খনিকৰে বিগত প্ৰায় ৮ বছৰ পাইপ সমূহ বিদ্যালয়ৰ এটা কোঠাত অতি গোপনে লুকুৱাই ৰাখিছিল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । প্ৰধান শিক্ষগৰাকীৰ এনে কৰ্ম কাণ্ডই তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য, শিক্ষকতা দৰে পৱিত্ৰ বৃত্তিত জড়িত থকা এজনে শিক্ষকে দীৰ্ঘদিন ধৰি শ্ৰেণী কোঠাত লুকুৱাই ৰাখি মংগলবাৰে পুৱতি নিশা অন্য স্থানলৈ নি বিক্ৰী কৰাৰ পৰিকল্পনা কৰাৰ ঘটনাই এতিয়া লজ্জানত কৰিছে শৈক্ষিক সমাজক । পিচে কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পাচতহে পোহৰলৈ আহিব ।

লগতে পঢ়ক: Drunken police personnel: মঙলবাৰে সুৰাৰ ৰাগিয়ে অমংগল মাতিলে মংগল ছাৰলৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.