ETV Bharat / state

Extra Marital Affair: পত্নীৰ অবৈধপ্ৰেমেই প্ৰাণ ল’লে নেকি বাবুল চেতিয়াৰ ?

মঙলবাৰে মৰিয়নীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ বাবুল চেতিয়া নামৰ লোকজনক নিশা পত্নী পাৰুল চেতীয়া আৰু প্ৰেমিক প্ৰাণজিৎ খনিকৰে মিলি হত্যা কৰাৰ সন্দেহ কৰিছে জীয়ৰীৰ লগতে স্থানীয় ৰাইজে ৷

allegation on wife and her lover killed Babul Chetia
পত্নীৰ অবৈধপ্ৰেমেই প্ৰাণ ল’লে নেকি বাবুল চেতিয়াৰ ?
author img

By

Published : Aug 15, 2023, 7:50 PM IST

পত্নীৰ অবৈধপ্ৰেমেই প্ৰাণ ল’লে নেকি বাবুল চেতিয়াৰ ?

যোৰহাট, 15 আগষ্ট : মৰিয়নীত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ৷ প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পত্নীৰ বিৰুদ্ধে । অভিযুক্তৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে ৷

মঙলবাৰে মৰিয়নীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ মৰিয়নীৰ হাটীপতি চুকাফা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ বাবুল চেতিয়া নামৰ লোকজনক নিশা পত্নী পাৰুল চেতীয়া আৰু প্ৰেমিক প্ৰাণজিৎ খনিকৰে মিলি হত্যা কৰাৰ সন্দেহ কৰিছে জীয়ৰীৰ লগতে স্থানীয় ৰাইজে ৷

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, নিশা বাবুল চেতীয়া আৰু পত্নীৰ মাজত কাজিয়া সৃষ্টি হৈছিল ৷ সেই সময়ত সেই ঠাইত তেওঁলোকৰ প্ৰতিৱেশী তথা পাৰুলৰ তথাকথিত প্ৰেমিক প্ৰাণজিৎ খনিকৰো উপস্থিত আছিল ৷ সেইবাবে ৰাইজৰ সন্দেহ যে বাবুল চেতিয়াক পাৰুল আৰু প্ৰাণজিতে মিলি নিশা হত্যা কৰি ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰিছিল।

আনহাতে প্ৰাণজিৎ এজন বিবাহিত লোক ৷ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা পাৰুল নামৰ মহিলাগৰাকীৰ সৈতে অবৈধ সম্পৰ্ক আছিল প্ৰাণজিতৰ ৷ স্থানীয় ৰাইজে এই সন্দৰ্ভত মৰিয়নি আৰক্ষী থানাত ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ প্ৰদান কৰা পাচতো গুৰুত্ব নিদিয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে । তাৰে পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

ইপিনে হত্যাৰ বলি হোৱা বাবুল চেতিয়াৰ দ্বিতীয়া পত্নী আছিল অভিযুক্ত পাৰুল চেতিয়া ৷ এই ঘটনাৰ পিচতে উত্তেজিত ৰাইজে অভিযুক্ত প্ৰাণজিতৰ ঘৰ ঘেৰাও কৰি আক্ৰমণৰো চেষ্টা কৰে ৷ দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি উত্তেজিত শতাধিক ৰাইজে পৰিৱেশ উত্তপ্ত কৰি তোলে।

আনহাতে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰৰ চেষ্টা কৰাৰ লগতে দুই অভিযুক্ত পাৰুল আৰু প্ৰানজিতক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়াৰ পাচতহে পৰিস্থিতিৰ শাম কাটে ৷ দুই অভিযুক্তক সোধা পোছা অব্যাহত ৰাখিছে অনুসন্ধানকাৰী আৰক্ষীয়ে। বৰ্তমান অঞ্চলটোৰ পৰিস্থিতি শান্ত যদিও চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক: Cachar Madrassa Hostel case: মাদ্ৰাছাৰ শিক্ষক হাফিজ মুকচিন ৰহমান খানক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.