টীয়ক, 9 ছেপ্টেম্বৰ : প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ নামত সমগ্র ৰাজ্যতে একাংশ বিজেপি নেতা,পালিনেতাই ব্যাপক অনিয়ম সংঘটিত কৰাৰ প্ৰতিক্ৰিয়াৰ ঢৌ মাৰ নৌযাওতেই পুনৰ অভিযোগ উঠিছে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো অনুৰূপ কাৰ্য সংঘটিত কৰাৰ । লাখ লাখ টকা খৰচ কৰি সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰি বিধান সভাৰ মজিয়াত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি সন্দৰ্ভত ৰাইজক বিস্তৃতভাৱে অৱগত কৰাৰ পাচতো গ্ৰাম্যাঞ্চলৰ বহু দৰিদ্ৰ ৰাইজৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি একাংশ বিজেপিৰ পালিনেতাই এই আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠি নিজ খেয়াল খুচি অনুযায়ী প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে ।
যোৰহাট জিলাৰ টীয়কৰ পূৱ টীয়ক গাঁও পঞ্চায়তৰ অধীনস্থ কাৱৈমাৰী অঞ্চলত জনৈক দাস উপাধিৰ এগৰাকী বিজেপি পালিনেতাই অৰুণোদয় আঁচনিৰ নামত এখন ৰমৰমীয়া বেহা আৰম্ভ কৰাৰ অভিযোগ উঠিছে । যিসময়ত অৰুণোদয় আঁচনিৰ বাবে নিৰ্ধাৰিত প্ৰ-পত্ৰ পঞ্চায়ত সমূহলৈ প্ৰেৰণেই কৰা হোৱা নাই, সেই সময়ত এইগৰাকী পালিনেতাই বিশ টকাৰ বিনিময়ত হিতাধিকাৰীৰ প্ৰ-পত্ৰ বিক্ৰী কৰি সেইসমূহ দাসে নিজে পূৰণ কৰি নিজে জমা লোৱাৰ অভিযোগ উঠিছে ।
পঞ্চায়তখনক সম্পূৰ্ণ ৰূপে অন্ধকাৰত ৰাখি বিজেপি পালিনেতা গৰাকীয়ে অব্যাহত ৰখা এনে কাৰ্যৰ বিৰুদ্ধে তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে পঞ্চায়ত সদস্য ভেনিছ দাসে ৷ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে কলিয়াপানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ লিখিত অভিযোগ দিছে পঞ্চায়তৰ সদস্য গৰাকীয়ে। অৱশ্যে এয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিযুক্তদ্বয়ে কৰিছে মত প্ৰকাশ । অগপৰ অধীনত থকা পঞ্চায়তখনক অন্ধকাৰত ৰাখি বিজেপি নেতাই স্বজন তোষণেৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিলে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাটো নিশ্চিত বুলি কলে স্থানীয় একাংই ৷
যদি এয়াই হৈছে তেনেহ’লে নিৰ্বাচনৰ প্ৰাক্ ক্ষণত মিত্ৰযোঁটৰ চৰকাৰে গ্ৰহণ কৰা আঁচনিখনে শাসকীয় বিজেপি দলটোৰ প্ৰতি সাধাৰণ ৰাইজৰ বিৰাগ জন্মাব ৷ ইয়াৰ লগতে তৃণমূল পৰ্যায়ত মিত্ৰযোঁটৰ ফোঁপোলা স্বৰূপ প্ৰতিফলিত হৈছে বুলি একাংশ সচেতন ৰাইজে অভিহিত কৰি এনে কাৰ্যই প্ৰকৃত দৰিদ্ৰ হিতাধীকাৰী নিৰ্বাচনত হেঙাৰ হৈ থিয় দিব বুলি সন্দেহ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : অৱশেষত ভাৰতীয় যুৱকক বন্দী কৰি নিয়াৰ কথা স্বীকাৰ চীনা সৈন্যৰ