যোৰহাট, 13 ছেপ্টেম্বৰ : মৰিয়নীৰ এখন হোটেলত বাহৰ পাতি থকা, ৰাজস্থানৰ পৰা অহা দুজন ব্যক্তিক ব্লেক মেইলিং কৰি ধন ঘটিবলৈ যোৱা এটা চক্ৰ উৎখাত ৷ মৰিয়নী নগৰৰ শ্বেহনাই বিবাহ ভৱনত বাহৰ পাতি আছিল ৰাজস্থানৰ চিকৰ জিলাৰ মহিপাল সিং আৰু সুনীল শৰ্মা নামৰ দুজন ব্যক্তিয়ে ৷ মঙলবাৰে আবেলি এজন যুৱক আৰু তিনিগৰাকী যুৱতীয়ে ৰাজস্থানৰ ব্যক্তি দুগৰাকী বাহৰ পাতি থকা বিবাহ ভৱনটোত উপস্থিত হৈ বলপূৰ্বকভাৱে কোঠাত প্ৰৱেশ কৰাৰ চেষ্টা কৰে ৷
ৰাজস্থানৰ ব্যক্তি দুগৰাকীক যুৱতী কেইগৰাকীৰ সৈতে বিয়া পাতিবলৈ হেঁচা দি দাবী-ধমকি দিয়ে যুৱকজনে ৷ অনুমতি অবিহনে ৰুমত হঠাতে তিনি গৰাকী যুৱতী সোমাই যোৱাত বাধা প্ৰদান কৰা কৰ্তৃপক্ষৰ সৈতে প্ৰথম অৱস্থাত বাকবিতণ্ডাত লিপ্ত হয় চক্ৰটো ৷ ঘটনাৰ বিষয়ে খবৰ লাভ কৰি উপস্থিত হোৱা সাংবাদিকে আৰক্ষীক এই ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ আৰক্ষীয়ে বিবাহ ভৱনটোৰ পৰা পলায়ন কৰা তিনিগৰাকী যুৱতীক মৰিয়নী থানা চাৰিআলিৰ পৰা আটক কৰে আৰু এজন যুৱকসহ ৰাজস্থানৰ ব্যক্তি দুগৰাকীক হোটেলৰ পৰা আটক কৰি থানালৈ আনে ৷
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ইকবাল আহমেদ নামৰ যুৱকজনে ৰাজস্থানৰ ব্যক্তি দুজনক হানী ট্ৰেপিংৰ জালত পেলোৱাৰ পৰিকল্পনা কৰা বুলি পোহৰলৈ আহিছে ৷ ৰাজস্থানৰ ব্যক্তি দুজনক অসমীয়া ছোৱালীৰ সৈতে বিয়া কৰাই দিম বুলি এটা চক্ৰই মৰিয়নীলৈ মাতি আনিছিল ৷ এই চক্ৰটোত তেজপুৰৰ নবীন গোৱালা, বাসুদেৱ তাঁতী আৰু বিতু সোনোৱাল নামৰ লোক কেইজন জড়িত বুলি স্বীকাৰোক্তি দিছে ইকবাল আহমেদ নামৰ যুৱকজনে ৷
আৰক্ষীয়ে ৮৮\২৩ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮\৪১৯\১২০(বি)\৫০৬\৩৮৪\৫১১ ধাৰাত ইকবাল আহমেদক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে অভিযোগ অনুসৰি এই ঘটনাৰ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা মৰিয়নীৰ এগৰাকী সাংবাদিক সপোন ৰহমান শইকীয়াৰ ম’বাইল ফোনটো জব্দ কৰি থয় মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুণীন চুতীয়াই ৷ লগতে আন চাৰি গৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ ভাবুকি প্ৰদান কৰে আৰক্ষী বিষয়া গৰাকীয়ে ৷ মৰিয়নী প্ৰেছ ক্লাবৰ সাংবাদিক সকলে আৰক্ষী বিষয়াগৰাকীৰ এনে কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায় ৷
মৰিয়নী থানাত উপস্থিত হোৱা তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰিক প্ৰেছ ক্লাবৰ সাংবাদিকসকলে এই আৰক্ষী বিষয়াগৰাকীৰ কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মহকুমা আৰক্ষী বিষয়া গৰাকীৰ হস্তক্ষেপত সাংবাদিকসকল ক্ষান্ত হোৱাৰ লগতে সাংবাদিকগৰাকীৰ মোবাইলটো ঘূৰাই দিবলৈ বাধ্য হয় আৰক্ষীয়ে ৷ আনহাতে এই ঘটনাই মৰিয়নীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷