ETV Bharat / state

CAA বাতিলৰ দাবীত যোৰহাটত AJYCPৰ প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন বাাতিলৰ দাবী

ৰাজ্যত পুনৰ 'কা' বিৰোধী আন্দোলনৰ উকমুকনি । যোৰহাটত প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকল(AJYCP protest in Jorhat) । নাগৰিকত্ব সংশোধনী আইন বাাতিলৰ দাবী জনাই মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ সংগঠনটোৱে ।

AJYCP stages protest against CAA in Jorhat
CAA বাতিলৰ দাবীত যোৰহাটত AJYCPৰ প্ৰতিবাদ
author img

By

Published : Dec 15, 2021, 6:53 PM IST

যোৰহাট, ১৫ ডিচেম্বৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল হ'ল যোৰহাটৰ ৰাজপথ । নাগৰিকত্ব সংশোধনী আইন বাাতিলৰ দাবীৰে বুধবাৰে ৰাজপথলৈ ওলাই আহিল সংগঠনটোৰ কৰ্মকৰ্তাসকল(AJYCP protest against CAA in Jorhat) । অসমৰ ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জাতীয় সংগঠনৰ যুঁজ এতিয়াও শেষ হোৱা নাই । মাত্ৰ ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হোৱা নাছিল ।

অসমীয়া জাতিৰ স্বাভিমানক কুঠাৰাঘাত কৰা এই আইন কোনো কাৰণতে অসমীয়াই মানি নলয় বুলি জাতীয় সংগঠনসমূহে পুনৰ সকীয়াই দিছে(AJYCP demands to repeal CAA) । সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে যোৰহাটতো 'কা' বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে । 'কা' বিৰোধী আন্দোলনৰ ৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ মূল্য নিদিয়া পৰ্যন্ত ক্ষান্ত নাথাকে বুলি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শ্ল'গান দিয়ে প্ৰতিবাদকাৰীসকলে । অসম চুক্তি ৰূপায়ণৰ দাবী জনায় সংগঠনটোৱে ।

CAA বাতিলৰ দাবীত যোৰহাটত AJYCPৰ প্ৰতিবাদ

তেওঁলোকৰ দাবীসমূহ মানি নল'লে অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিব বুলি হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই । প্ৰতিবাদৰ অন্তত যোৰহাট উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে সংগঠনটোৰ নেতৃবৰ্গই ।

লগতে পঢ়ক:AAMSU Protest at hojai : হোজাইৰ উচ্ছেদিত লোকসকলক সংস্থাপনৰ দাবী আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.