ETV Bharat / state

তিতাবৰত ONGCৰ বিৰুদ্ধে প্ৰতিবাদত নামিল AJYCP - demand to re construct roads

ONGCত স্থানীয় যুৱকৰ নিযুক্তিকে ধৰি কেইবাটাও দাবী সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ বৰহোলা অঞ্চলিক সমিতিয়ে । যোৰহাটৰ তিতাবৰৰ বৰহোলাস্থিত ONGCৰ GGSৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মকৰ্তাই । এই দাবীসমূহ মানি নল'লে অনাগত দিনত জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ সদস্যসকলে ।

AJYCP protest at Titabor
AJYCP protest at Titabor
author img

By

Published : Nov 22, 2021, 8:50 PM IST

তিতাবৰ, ২২ নৱেম্বৰ: অ' এন জি চি(ONGC)ৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ বৰহোলা অঞ্চলিক সমিতি । সোমবাৰে যোৰহাট(Jorhat)ৰ তিতাবৰৰ বৰহোলাস্থিত ONGCৰ GGSৰ সন্মুখত সংগঠনটোৰ কৰ্মকৰ্তাসকলে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । স্থায়ী অথবা অস্থায়ী কামৰ বাবে বা অ' এন জি চিৰ অন্তৰ্গত কোম্পানীসমূহত ১০০% শতাংশ স্থানীয় যুৱক-যুৱতীৰ নিযুক্তি(Recruitment) প্ৰদান কৰাৰ লগতে আন কেইবাটাও দাবীত প্ৰতিবাদ(Protest) সাব্যস্ত কৰে সংগঠনটোৱে । লগতে সামাজিক দায়বদ্ধতা আঁচনি জৰিয়তে জনকল্যাণমূলক আঁচনি(Public Welfare scheme) গ্ৰহণ কৰাৰো দাবী জনায় ।

অ' এন জি চিৰ গধুৰ গধুৰ যানবাহন চলাচল কৰি বিধ্বস্ত কৰা পথসমূহ পুনৰ নিৰ্মাণ কৰা, প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে । স্থানীয় নিবনুৱাসকলৰ বাবে অ'এন জি চিৰ কৰ্মক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থা কৰা দাবীকে ধৰি আন সকলো দাবী মানি নল'লে ভৱিষ্যতে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ সদস্যসকলে । অ' এন জি চিত স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়াৰ প্ৰসংগতো পূৰ্বেও বহুবাৰ উত্থাপন হৈছে । এই বিষয়ক লৈ আন বহু সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰিছে ।

তথাপি অ'এন জি চিয়ে সম্পূৰ্ণৰূপে তেওঁলোকৰ দাবী মানি লোৱা নাই । এতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘটৰ পাচতে কোম্পানীটোৱে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Road Construction : বৰপেটাত পথ নিৰ্মাণৰ দুৰ্নীতিত লিপ্ত মহকুমা বিষয়া !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.