ETV Bharat / state

Protest against municipality tax hike: এজেৱাইচিপিৰ প্ৰতিবাদত উত্তাল যোৰহাট পৌৰসভা কাৰ্যালয়

পৌৰ কৰ বৃদ্ধিক লৈ প্ৰতিবাদত উত্তাল যোৰহাট । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্য়োগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । হোল্ডিং টেক্সৰ নামত অতিৰিক্ত কৰৰ বোজা জাপি দিয়াটো কোনোপধ্য়েই মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ (Holding tax hike in Jorhat) ।

author img

By

Published : Mar 20, 2023, 9:54 PM IST

AJYCP Protest at Jorhat
পৌৰ কৰ বৃদ্ধিক লৈ প্ৰতিবাদত উত্তাল যোৰহাট

যোৰহাট, ২০ মাৰ্চ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল যোৰহাট (AJYCP Protest at Jorhat)। সোমবাৰে পৌৰসভা ঘেৰাও কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অভিনৱ প্ৰতিবাদ সাব্য়স্ত কৰে । পৌৰ কৰ বৃদ্ধিক লৈ পৌৰসভা কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এই উত্তাল প্ৰতিবাদ । ইয়াৰ পিছতেই প্ৰতিবাদকাৰীসকলে উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

পৌৰ কৰ বৃদ্ধিক লৈ জুৰুলা হৈছে নগৰবাাসী । এফালে মূল্যবৃদ্ধি আৰু আনফালে পৌৰ কৰ । এই বৃদ্ধিৰ ফলত ৰাইজক সৰ্বস্বান্ত হৈছে । যোৰহাট পৌৰসভা কাৰ্যালয়ত সোমবাৰে বৰ্ধিত পৌৰ কৰৰ বিৰোধিতাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Protest in Jorhat Municipality Office)। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট পৌৰসভা কাৰ্যালয় সন্মুখত হাতে হাতে বেনাৰ ,প্লেকাৰ্ড লৈ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে । ইয়াৰ পিছতো চৰকাৰে পৌৰ কৰ বৃদ্ধিৰ দিশটো বিবেচনা নকৰিলে এই আন্দোলন ধাৰাবাহিকভাৱ চলাই নিয়াৰো হুংকাৰ দিয়ে ছাত্র সংগঠনটোৱে।

কোনো নীতি নিয়ম নোহোৱাকৈ বহু গুণলৈ বৃদ্ধি কৰা পৌৰ কৰক লৈ এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় পৌৰসভা কাৰ্যালয়ত । লগতে এই পৌৰ কৰ বৃদ্ধিৰ সমস্যা সমাধানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটৰ জিলা উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে |

উল্লেখ্য যে কৰদাতা ৰাইজে জাৱৰ সংগ্ৰহ আৰু পানী যোগানৰ বাবে পৌৰসভাক পৃথকে পৃথকে বিগত সময়ত কৰ দি আহিছে । ইয়াৰ পিছতো হোল্ডিং টেক্সত অতিৰিক্ত কৰৰ বোজা জাপি দিয়াটো ন্যায্য নহয় বুলি মন্তব্য় কৰিছে ৰাইজে । কাৰণ এক বহিৰাগত প্ৰতিষ্ঠানক কৰ সংগ্ৰহৰ জৰীপ প্ৰদান কৰাৰ ফলত যি মন যায় সেই মতেই জৰীপ চলাই প্ৰতিবেদন দাখিল কৰিছে । পুৰণি ঘৰ আৰু নতুন ঘৰ এটাই কিমান কৰ দিব লাগিব সেয়া পৃথকে পৃথকে নিৰ্ধাৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । স্থানীয় অভিজ্ঞতা সম্পন্ন অভিযন্তাক এই জৰীপৰ কামত নিয়োগ নকৰাটো আশ্চৰ্যজনক বুলি মন্তব্য় কৰিছে কৰদাতাই ।

যি হাৰত নগৰবাসীক পৌৰ কৰ যোৰহাট পৌৰসভাই নিৰ্ধাৰণ কৰিছে তাৰ বিপৰীতে বিশেষ ৰাজনৈতিক দলৰ নেতাৰ কৰ আগৰ দৰে থকাৰো অভিযোগ উত্থাপিত হৈছে । কিন্তু এইসকল নেতাৰ ঘৰৰ পৌৰ কৰ বৃদ্ধি হোৱা নাই । পূৰ্বে যি হাৰত পৌৰসভাক কৰ আদায় দিছিল,সেই হাৰতে দি থকাৰ অভিযোগ উঠিছে ।যদি চৰকাৰে তেওঁলোকৰ ধাৰৰ পৰিমাণ নগৰবাসীৰৰ ওপৰত অতিৰিক্ত কৰ জাপি দি পৰিশোধ কৰিব বুলি ভাবিছে,সেয়া কোনো কালেই গ্ৰহণ যোগ্য হ'ব নোৱাৰে বুলি প্ৰতিবাদী কৰদাতা ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সঁকীয়াই দিয়ে ।

লগতে পঢ়ক:Protest at Barpetaroad: বিধ্বস্ত পথ মেৰামতিৰ দাবীত বৰপেটাৰোডত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.