ETV Bharat / state

Amrit Kalash Yatra: হাফপেন্ট পিন্ধা আৰ এছ এছ কেডাৰ নহ’লে বিজেপি কাৰ্যকৰ্তাৰে কৰাওক অমৃত কলহ যাত্ৰা; দুলু আহমেদ - BJP govt over Amrit Kalash Yatra

অমৃহ কলহ যাত্ৰাত উদুলি-মুদুলি ৰাজ্য ৷ গাঁৱে-নগৰে আয়তীতে কলচী ভৰাইছে মাটি ৷ কিন্তু অমৃত কলহ যাত্ৰাৰ অৰ্থ বিচাৰি পোৱা নাই অজাপৰ নেতা দুলু আহমেদে ৷

AJP leader Dulu Ahmed slams Assam BJP
Amrit Kalash Yatra
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:15 PM IST

অমৃত কলহ যাত্ৰা সন্দৰ্ভত দুলু আহমেদৰ মন্তব্য

যোৰহাট, 2 অক্টোবৰ: ‘অমৃত কলহ যাত্ৰা’... বৰ্তমান ৰাজ্যজুৰি চৰ্চিত হৈ থকা এটা বিষয় তথা চলি থকা এটা প্ৰক্ৰিয়া হৈছে অমৃত কলহ যাত্ৰা ৷ চৰকাৰৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰায় প্ৰতিটো অঞ্চলৰ প্ৰতিঘৰ মানুহৰ পৰা এমুঠি হ’লেও মাটি সংগ্ৰহ কৰি দিল্লীলৈ পঠিয়াবলৈ যো-জা চলোৱা হৈছে ৷ এই যাত্ৰাত অংশগ্ৰহণৰ বাবে বিশেষকৈ মহিলাসকলক আকৰ্ষিত কৰাৰ বাবে চৰকাৰে কেতবোৰ ঘোষণাও কৰিছে ৷

বহু অঞ্চলত দেখা হৈছে কাষত কলহ লৈ জাক পাতি মহিলা ওলাই আহিছে অমৃত কলহ যাত্ৰা সাফল্য মণ্ডিত কৰিবলৈ ৷ সাধাৰণ জনতাৰ অমৃত কলহ যাত্ৰাক লৈ কিছু উৎসাহ থাকিলেও কিন্তু কি এই অমৃত কলহ যাত্ৰা সেয়া বুজি পোৱা নাই প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে ৷

অসম জাতীয় পৰিষদৰ উদ্যোগত ধুবুৰীৰ পৰা আৰম্ভ হোৱা ‘এক অসম যাত্ৰা’ কৰি সোমবাৰে যোৰহাটত উপস্থিত হয় লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা, দুলু আহমেদসহ দলীয় নেতৃত্ব ৷ সেই সময়তে দুলু আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে এই অমৃত কলহ যাত্ৰা সি সেয়া তেওঁ বুজিব পৰা নাই ৷ অমৃত কলহ যাত্ৰাৰ নামত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা পিছুৱাই হাতত কলহ তুলি দিয়া বুলিও তেওঁ অভিযোগ তোলে ৷

অজাপৰ নেতাগৰাকীয়ে কয় যে অসমৰ দৰিদ্ৰ শিক্ষাৰ্থীক এইবোৰ কাৰ্যত জড়িত কৰোৱাতকৈ বিজেপি মন্ত্ৰী-বিধায়কৰ পুত্ৰ-কন্যাক হাতত কলহ দি আগশাৰীত থিয় কৰাব লাগে ৷ তেওঁলোকে যদি নোৱাৰে তেন্তে আৰ এছ এছৰ ‘হাফপেন্ট পিন্ধা কেডাৰ’ আৰু 45 লাখ বিজেপি কাৰ্যকৰ্তাৰ হতুৱাই এই কাম কৰাব লাগে ৷ কিন্তু খাটি খোৱা জনতাক এইসমূহ কাৰ্যত জড়িত কৰি হাৰাশাস্তি কৰাৰ অধিকাৰ চৰকাৰৰ নাই ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি দুলু আহমেদে কয় যে বৰ্তমান দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰেৰে অসম চলাইছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ এইখন চৰকাৰৰ দিনতে দুৰ্নীতি, চিণ্ডিকেট, ভূমি কেলেংকাৰী সৰ্বাধিক হোৱাৰ অভিযোগ তুলিছে অজাপ নেতাগৰাকীয়ে ৷ মূল্যবৃদ্ধি আৰু দুৰ্নীতিত অতিষ্ঠ হোৱা ৰাইজে অসম জাতীয় পৰিষদক আঁকোৱালি লোৱা বুলি উল্লেখ কৰে দুলু আহমেদে ৷

লগতে পঢ়ক: Ek Asom Yatra : এক অসম যাত্ৰাত অসমৰ মানুহৰ জনসমৰ্থন দেখি ভয় খাইছে বিজেপিয়ে; লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.