টীয়ক, ৮ মাৰ্চ: আজি আন্তৰ্জাতিক নাৰী দিৱস । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টীয়কৰ পিড়াকটাত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে । নাৰী দিৱসৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত অঞ্চলবাসীৰ সহযোগত এখনি নাৰী সৱলীকৰণৰ ওপৰত সভা আয়োজন কৰে । ইপিনে, কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ তত্বাৱধানত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্যোগত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি-২০২১ৰ অধীনত টীয়কৰ পিড়াকটাত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এক কৃষি তথ্য কেন্দ্ৰৰ শুভ উন্মোচন কৰা হয় । এই কৃষি তথ্য কেন্দ্ৰই অঞ্চলটোৰ কৃষকসকলক অত্যাধুনিক বিজ্ঞানসন্মত প্ৰযুক্তিৰে কৃষি কৰি স্বাৱলম্বী কৰাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে ।
উক্ত সভাত কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটে কৃষকসকলৰ সহায়ৰ অৰ্থে প্ৰস্তত কৰি উলিওৱা কৃষি আলাপ নামৰ ইউটিউব চেনেলৰ শুভ উন্মোচন কৰে । এই চেনেলৰ মাধ্যমেৰে কৃষকসকলে অনলাইন অথবা অফলাইনৰ যোগেদি কৃষি পদ্ধতি তথা কৃষি সম্বন্ধীয় ন ন তথ্য লাভ কৰি উপকৃত হ'ব পাৰিব বুলি জানিবলৈ দিয়ে । কৃষি বিজ্ঞান কেন্দ্ৰ তথা কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই পদক্ষেপক অঞ্চলবাসীয়ে আদৰণি জনাইছে ।
লগতে পঢ়ক: পূব বিলাসীপাৰাত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ