ETV Bharat / state

উত্তৰ-পূৰ্ৱাঞ্চলৰ একমাত্ৰ মৌ-পালন উদ্যোগ পৰিদৰ্শন কৃষি মন্ত্ৰীৰ - উত্তৰ পূৰ্ৱাঞ্চলৰ একমাত্ৰ মৌ পালন উদ্যোগ

শনিবাৰে উত্তৰ-পূৰ্ৱাঞ্চলৰ এক মাত্ৰ মৌ উৎপাদনকাৰী চি কে উদ্যোগ পৰিদৰ্শন কৰে কৃষি মন্ত্ৰী অতুল বৰাই (Atul Bora) । ১৯৯৮ চনৰ পৰাই ব্যৱসায়িক ভিত্তিত উদ্যোগটোত ব্যৱসায়িক ভিত্তিত মৌ উৎপাদন কৰি অহা হৈছে । লীলা চৰণ দত্তৰ এই উদ্যোগটোলৈ কৃষি বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে ২০০টা মৌ বাকচ ।

Agriculture minester visited CK industry at Jorhat
উত্তৰ-পূৰ্ৱাঞ্চলৰ একমাত্ৰ মৌ-পালন উদ্যোগ পৰিদৰ্শন কৃষি মন্ত্ৰীৰ
author img

By

Published : Jul 3, 2021, 6:53 PM IST

যোৰহাট, ৩ জুলাই: কৃষিকাৰ্য আৰু পশুপালনেৰে জীৱিকা উপাৰ্জন কৰা লোকসকলক উৎসাহিত কৰাৰ বাবে ন ন আঁচনি গ্ৰহণ কৰিছে কৃষি বিভাগে । সময়ে সময়ে এই ক্ষেত্ৰৰে জড়িত কামবোৰ পৰিদৰ্শনো কৰি আহিছে কৃষি মন্ত্ৰী অতুল বৰাই (Atul Bora) । শনিবাৰে কৃষি মন্ত্ৰী অতুল বৰা (ATUL BORA) যোৰহাটৰ চাৰিগাঁৱত থকা চি কে(CK) উদ্যোগত উপস্থিত হয় । উত্তৰ-পূৰ্ৱাঞ্চলৰ এক মাত্ৰ মৌ উৎপাদনকাৰী উদ্যোগটো পৰিদৰ্শন কৰি তেওঁ কয় যে, মৌ-পালন কৃষি ক্ষেত্ৰৰে এটি অংশ আৰু যথেষ্ট লাভজনক ব্যৱসায় ।

উত্তৰ-পূৰ্ৱাঞ্চলৰ একমাত্ৰ মৌ-পালন উদ্যোগ পৰিদৰ্শন কৃষি মন্ত্ৰীৰ

তেওঁ কয় যে মৌ-পালনৰ বাবে বিশেষ ভূমিৰ প্ৰয়োজন নাই বাবে এই ব্যৱসায় কৰাতো সহজ । নিৱনুৱা যুৱক-যুৱতীয়ে মৌ পালনৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে, বিগত ৫ বছৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকক মৌ পালনৰ বাবে মুঠ ২৬০০০টা মৌ বাকচ প্ৰদান কৰিছে । ১৯৯৮ চনতে যোৰহাট চাৰিগাঁৱৰ লীলা চৰণ দত্ত নামৰ লোকজনে এই উদ্যোগটো স্থাপন কৰিছিল আৰু তেতিয়াৰে পৰা সকলো প্ৰত্যাহ্বান নেওচি তেওঁ মৌ-পালন কৰি আহিছে ।

কৃষি মন্ত্ৰীগৰাকীয়ে চি কে(CK) উদ্যোগলৈ ২০০টা মৌ বাকচ আগবঢ়াইছে । লগতে উদ্যোগটোত উৎপাদিত মৌ অসম চৰকাৰে ক্ৰয় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে । লীলা চৰণ দত্তই কৃষি বিভাগৰ পৰা আন সহায়ো বিচাৰিছে যাতে তেওঁ ব্যৱসায় অধিক লাভজনক কৰি তুলিব পাৰে । এই ক্ষেত্ৰতো কৃষি বিভাগে সহায় কৰিব বুলি কৃষি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে ।

লগতে পঢ়ক:ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ'ণাৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.