ETV Bharat / state

১০২ নং টীয়ক বিধানসভা সমষ্টিত অগপৰ জাতীয় ঐক্য সন্মিলন

author img

By

Published : Jan 3, 2021, 7:30 PM IST

যোৰহাটৰ জিলাৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিত দেওবাৰে টীয়ক অগপ বিধান পৰিষদৰ উদ্যোগত এখনি জাতীয় ঐক্য সন্মিলন অনুষ্ঠিত হয় ৷ জগদুৱাৰস্থিত লক্ষ্মীপূজাৰ খেলপথাৰত অনুষ্ঠিত হয় উক্ত সন্মিলনখন ৷ এই উপলক্ষে সভাত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ৷

AGPs Convention on Unity in 102 Tiok Assembly Constituency
১০২ নং টীয়ক বিধানসভা সমষ্টিত অগপৰ জাতীয় ঐক্য সন্মিলন

টীয়ক, 3 জানুৱাৰী : যোৰহাটৰ জিলাৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ জগদুৱাৰস্থিত লক্ষ্মীপূজাৰ খেলপথাৰত দেওবাৰে টীয়ক অগপ বিধান পৰিষদৰ উদ্যোগত এখনি জাতীয় ঐক্য সন্মিলন অনুষ্ঠিত হয় ৷ এই উপলক্ষে অনষ্ঠিত সভাত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তকে ধৰি কেইবাজনো দলীয় জেষ্ঠ নেতা উপস্থিত থাকে ৷

টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা এই সভাৰ আৰম্ভণিতে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই আদৰণি ভাষণ দিয়ে ৷ সভাত মণি মাধৱ মহন্তই অগপ দলত মিছ কলৰ জৰিয়তে সদস্য ভৰ্তি অভিযান উদ্বোধন কৰে । সেই অনুসৰি অগপ দলৰ নিৰ্ধাৰিত মোবাইল নম্বৰত যিকোনো লোকে মিছ কল দি অগপৰ সদস্য হ'ব পাৰিব ৷

উল্লেখ্য যে, দলৰ সভাপতি অতুল বৰাই ২১ৰ নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা অটুত থাকিব বুলি পুনৰ স্পষ্টকৈ মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : কেৰালাত বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাত নিহত 5 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.