যোৰহাট,15 জুন : ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে গুৱাহাটীত বহু অঞ্চল কন্টমেন্ট জ'ন হোৱাৰ পিছত উজনি অসমৰ জিলা সমুহতো গণ সংক্ৰমণৰ ঘটনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ এই ভাইৰাছ প্ৰতিৰোধৰ বাবে ইতিমধ্যেই ৰাজ্য চৰকাৰে নীতি নিৰ্ধাৰণ কৰি দিছে যদিও একাংশই বৰ্তমানেও নিয়ম উলংঘা কৰা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ যোৰহাট জিলাতো নিয়ম উলংঘা কৰি আহিছে একাংশ লোকে ৷ সেই সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ৷ জিলা প্ৰশাসনৰ নতুন নিয়ম অনুসৰি মাস্ক পৰিধান নকৰি জন সমাগমৰ মাজলৈ গ'লে ভৰিব লাগিব জৰিমনা ৷
উল্লেখ্য যে, যোৰহাটৰ আটাইতকৈ ব্যস্ত দৈনিক বজাৰৰ সমীপৰ নিউ ভিল ৰ'ড নিবাসী চাজিদ আনোৱাৰৰ লগতে কণমানি পুত্ৰৰ দেহত পোৱা গৈছে কোভিড-19ৰ অৱস্থিতি ৷ এই কথা প্ৰকাশ কৰি সকলোকে সাৱধান হোৱাৰ বাবে আহ্বান জনাইছে যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপাৰঞ্জী কৰাটীয়ে ৷ বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে 173 গৰাকী লোক ৷ ইয়াৰে 145 গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 31 গৰাকী লোক ৷
লগতে পঢ়কঃ একেদিনাই ৰাজ্যত উদ্ধাৰ দুটাকৈ মৃতদেহ