টীয়ক, 16 এপ্ৰিল : বিহুৰ বতৰত টীয়কত উপস্থিত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কে কে আৰু দ্বীপজ্যোতি কেওট ওৰফে মোহন(Actor K K and Mohan visits teok) ৷ বেহাৰবাৰী আউটপোষ্ট শীৰ্ষক ধাৰাবাহিকখনেৰে জনপ্ৰিয়তা অৰ্জন কৰা দুয়োগৰাকী অভিনেতাই ব’হাগৰ দ্বিতীয় দিনটোত উপস্থিত হয় বন্ধুগৰাকীৰ ঘৰত ৷ ব’হাগৰ দ্বিতীয় দিনটোত ঠাইবিশেষে উদযাপন কৰা হয় গোঁসাই বিহু নাইবা কুটুম বিহু(Rangali Bihu 2022) ৷
এই বিহুৰ পুৱা গা-পা ধুই গোঁসাই সেৱা কৰি বছৰটো ভালে-কুশলে পাৰ হোৱাৰ কামনা কৰা হয় ৷ তাৰপাছত ইষ্ট-কুটুম্ব তথা বন্ধুবৰ্গৰ ঘৰলৈ বিহু খাবলৈ যোৱা পৰম্পৰা পূৰ্বৰ পৰাই চলি আহিছে ৷ এই পৰম্পৰা ৰক্ষা কৰি অচিন্ত্য বৰা নামৰ ব্যক্তিগৰাকীৰ ঘৰত শনিবাৰে পুৱা উপস্থিত হয় দুয়োগৰাকী জনপ্ৰিয় অভিনেতা ৷ বন্ধুৰ ঘৰত চাহ-জলপান গ্ৰহণ কৰি বিহু গাই সকলোকে এপাক নচুৱাই বিহু উদযাপন কৰে অভিনেতাদ্বয়ে ৷
ইপিনে কথাৰ মাজতে দেশৰ মূল্যবৃদ্ধি তথা অনান্য বিভিন্ন সমস্যাসমূহ ব্যংগৰূপত উপস্থাপন কৰি এইক্ষেত্ৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে অভিনেতাদ্বয়ে ৷
উল্লেখযোগ্য যে, ক’ভিডৰ আতংকই যোৱা দুটা বছৰে সকলো স্তৰৰ ব্যক্তিকে বাৰুকৈ প্ৰভাৱম্বিত কৰিছিল ৷ কিন্তু সেই সময়চোৱাত চিকিৎসাকৰ্মী, আৰক্ষী তথা সাংবাদিকসকলে নিজ নিজ দায়িত্ব পালন কৰি মানৱজাতিলৈ যি অৱদান আগবঢ়ালে, তাৰবাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনায় দুয়োগৰাকীয়ে ৷ শিল্পী দুগৰাকীয়ে লগতে সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
লগতে চাওক: কলিয়াবৰত জীনা ৰাজকুমাৰীৰ জনগোষ্ঠীয় নৃত্য-গীত পৰিৱেশন