ETV Bharat / state

ড° লক্ষ্মীনন্দন বৰাৰ বিয়োগত অসম কৃষি বিশ্ববিদ্যালয়ত শোকৰ ছাঁ

author img

By

Published : Jun 3, 2021, 4:01 PM IST

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিজ্ঞানী ড° লক্ষ্মীনন্দন বৰাৰ বিয়োগত মৰ্মাহত অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই ।

assam agricultural university
ড° লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোকৰ ছাঁ অসম কৃষি বিশ্ববিদ্যালয়ত

যোৰহাট, 3 জুন: প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিজ্ঞানী ড° লক্ষ্মীনন্দন বৰাৰ বিয়োগত মৰ্মাহত অসমবাসী ৷ সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকবাৰ্তা প্ৰেৰণ কৰিছে বিভিন্ন দল-সংগঠনে ।

সাহিত্যিক গৰাকীৰ মৃত্যুত অসম কৃষি বিশ্ববিদ্যালয়তো পৰিছে শোকৰ ছাঁ । বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই । উপাচাৰ্য গৰাকীয়ে ড° বৰাৰ দেহাৱসান অসমীয়া জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে ।

বিশ্ববিদ্যালয়ত অধ্যাপনা আৰু গৱেষণাৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বিষয়ে সোঁৱৰণ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে উপাচাৰ্যগৰাকীয়ে । আনহাতে যোৰহাট সাহিত্য সভাই সভাৰ পতাকা অৰ্ধনমিত কৰি প্ৰাক্তন সভাপতিগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা দেখা গৈছে ।

লগতে পঢ়ক: টীয়কত উদযাপন বিশ্ব চাইকেল দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.