ETV Bharat / state

Murder in Jorhat:দেৱাশীষৰ মৃত্যু বাৰ্ষিকীত চৰকাৰৰ বিৰুদ্ধে আছুৰ ক্ষোভ - Tribute to Debashish Jyoti Gogoi in Jorhat

দেৱাশীষ জ্যোতি গগৈলৈ শ্ৰদ্ধাঞ্জলি । দুই বছৰ অতিক্ৰমিলে দেৱাশীষ জ্যোতি গগৈ হত্যাকাণ্ডই । চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষোভ (Debashish Jyoti Gogoi murder)।

Debashish Jyoti Gogoi murder case
ৰাজ্য় কঁপোৱা দেৱাশীষ জ্যোতি গগৈ হত্যাকাণ্ড
author img

By

Published : May 31, 2023, 4:29 PM IST

ৰাজ্য় কঁপোৱা দেৱাশীষ জ্যোতি গগৈ হত্যাকাণ্ড

যোৰহাট, ৩১ মে':৩০ মে'ত দুই বছৰ অতিক্ৰম কৰিলে ৰাজ্য় কঁপোৱা দেৱাশীষ জ্যোতি গগৈ হত্যাকাণ্ডই (Debashish Jyoti Gogoi murder case) । ন্যায়ালয়ৰ দ্বাৰা দেৱাশীষ জ্যোতি গগৈৰ পৰিয়ালে ন্যায় পালে । কিন্তু চৰকাৰ দ্বাৰা পালে দেৱাশীষৰ পৰিয়ালে কেৱল বঞ্চনা আৰু প্ৰতাৰণা । দেৱাশীষৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত নকছাৰি আছুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় (Tribute to Debashish Jyoti Gogoi in Jorhat)। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

৩০ মে'ত অৰ্থাৎ মঙলবাৰে দুবছৰ সম্পূৰ্ণ হ'ল যোৰহাট জিলাৰ মৰিয়নিৰ দেৱাশীষ জ্যোতি গগৈ হত্যাকাণ্ডৰ । মৰিয়নি গাভৰু পৰ্বত চাহ বাগিচাত গণ আক্ৰমণত মৃত্যু হৈছিল উদীয়মান যুৱক দেৱাষীশ জ্যোতি গগৈৰ । দুটা বছৰৰ আগতে গাভৰু পৰ্বতৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি থকা সময়তেই একাংশ দানৱৰূপী মানৱৰ আক্ৰমণত মূমুৰ্ষু অৱস্থাত উক্ত স্থানত পৰি ৰৈছিল দেৱাশীষ । আৰু জটিল অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তেই মৃত্যু হৈছিল মৰিয়নি নকছাৰি মিলগাঁৱৰ যুৱক দেৱাশীষ জ্যোতি গগৈৰ ।

উল্লেখ্য় যে গাভৰু পৰ্বত চাহ বাগিচাৰ ২৮ শিলা পৰ্বতৰ পৰ্যটনস্থলীলৈ ফুৰিবলৈ যোৱা পথত এটা সৰু দুৰ্ঘটনাৰ বাবে সংঘটিত হৈছিল উক্ত ভয়ঙ্কৰ ঘটনা । ২৯ মে'ত সংঘটিত ঘটনাৰ পাচত পৰিয়ালৰ লোকে দেৱাশীষক ভৰ্তি কৰিছিল যোৰহাট চিকিৎসা মহাবিদ্য়ালয় হাস্পাতালত । কিন্তু ৩০ মে'ত চিকিৎসালয়তে মৃত্যু হয় দেৱাশীষ জ্যোতি গগৈৰ ৷

পিতৃৰ এজাহাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ১৮ জন লোকক (Govt deprived Debashish Jyoti Gogoi fanily ) ৷ ন্যায়ালয়ত এবছৰৰ ন্যায়িক যুঁজৰ পাছত ৰায়দান প্ৰদান কৰা হয় ৷ দেৱাশীষ জ্যোতি গগৈৰ হত্য়াকাৰীয়ে উপযুক্ত শাস্তি লাভ কৰে যদিও আজিলৈকে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি কিন্তু প্ৰতিশ্ৰুতি হৈয়েই থাকিল ৷ তাক লৈ সকলোৱে ক্ষোভ উজাৰিছে ৷

লগতে পঢ়ক:Govt schemes nameplate demolished: দুষ্কৃতিকাৰীয়ে এফালৰ পৰা ভাঙিছে চৰকাৰী আঁচনিৰ নামফলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.