যোৰহাট, ১৯ ফেব্ৰুৱাৰী: মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে যোৰহাট জিলাৰ কেন্দুগুৰীত আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । মূলতঃ চিলিণ্ডাৰ আৰু পেট্ৰ'লজাত সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শুকুৰবাৰে যোৰহাটত পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ৷ চিলিণ্ডাৰ, পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত উক্ত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে ৷
প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰাৰ লগতে বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি চৰকাৰে সাধাৰণ জনতাক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰে ৷ শুকুৰবাৰে ৰূপায়ন কৰা এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী আছু কৰ্মীসকলে অতি শীঘ্ৰে সামগ্ৰীসমূহৰ বজাৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷
লগতে পঢ়ক:মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে