ETV Bharat / state

ধৰ্ষণকাৰীৰ শাস্তি বিচাৰি উত্তাল যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়

author img

By

Published : Jun 8, 2021, 3:06 PM IST

যোৰহাটত সংঘটিত মানৱতা লজ্জিত কৰা ঘটনাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ প্ৰতিবাদী কাৰ্যসূচী । ফাষ্ট-ট্ৰেক আদালত(Fast Track Court)ৰ যোগেদি শাস্তি প্ৰদান কৰা দাবী অভিযুক্তক ৷

দোষীক শাস্তি প্ৰদানৰ দাবীত উত্তাল যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়

যোৰহাট,8 জুন: মঙলবাৰে যোৰহাটত ৰাজপথলৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থা(AASU) ৷ মানৱতাক লজ্জিত কৰি যোৰহাটত সংঘটিত হোৱা ধৰ্ষণৰ এক ঘটনাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা(AASU)ই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী । ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে প্ৰতিবাদকাৰীসকলে ফাষ্ট-ট্ৰেক আদালত(Fast Track Court)ৰ যোগেদি অভিযুক্তক শাস্তি প্ৰদান কৰা দাবী জনাইছে ।

জানিব পৰা মতে, ক'ভিড মহামাৰীৰ বাবে 1 বজাৰ পৰা ৰাজ্য প্ৰশাসনে জাৰি কৰা সান্ধ্য আইনৰ মাজতে নিশা অন্ধকাৰৰ সুযোগ লৈ সোমবাৰে দুজন ৰিক্সাচালকে এই কাণ্ড সংঘটিত কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটৰ তৰাজানৰ 'আমাৰ হাট' নামৰ দৈনিক বজাৰখনত দুজনকৈ ৰিক্সাচালকে এগৰাকী অসহায় মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি যোৰহাট চহৰখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষীয়ে আটক কৰে বলাৎকাৰৰ ঘটনাৰ লগত জড়িত দুই অভিযুক্তক ৷

যোৰহাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰাৰ পৰিৱৰ্তে সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জিলা উপায়ুক্তক স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.