ETV Bharat / state

যোৰহাটস্থিত ONGCৰ কাৰ্য়ালয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ

author img

By

Published : Aug 24, 2021, 5:57 PM IST

অএনজিচি(ONGC)ৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতি । মঙলবাৰে যোৰহাটৰ চিনামৰাৰ অএনজিচিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে । অএনজিচিৰ খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বাতিলৰ দাবী জনায় সংগঠনটোৱে ।

AASU PROTEST AGAINST ONGC
যোৰহাটস্থিত ONGCৰ কাৰ্য়ালয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ

যোৰহাট, ২৪ আগষ্ট: অএনজিচিয়ে যোৰহাটৰ চিনামৰাস্থিত কাৰ্যালয় চৌহদত ফাৰ্মাচী স্থাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন সিদ্ধান্তক লৈ ক্ষুদ্ধ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা । অএনজিচিয়ে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি মঙলবাৰে চিনামৰাস্থিত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সদস্যসকলে । উল্লেখ্য যে, চিনামৰাস্থিত অএনজিচি চৌহদত ফাৰ্মাচী স্থাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন নীতি অনুসৰি, এজন ব্যৱসায়ীৰ ২৫ খন ফাৰ্মা অনুজ্ঞাপত্ৰ থকাটো বাধ্যতামূলক । এই নতুন নীতিক খিলঞ্জীয়া বিৰোধী আখ্যা দি এই নীতি বাতিলৰ দাবীত প্ৰায় ডেৰ ঘন্টা ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ।

লগতে থলুৱা বহু লোকে অএনজিচিৰ অধীনতে বিভিন্ন কাম কৰি পৰিয়াল পোহপাল দি আছে । এতিয়া নতুন নীতি গ্ৰহণ কৰি অএনজিচিয়ে এইসকল লোকক বিপদত পেলাইছে বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ তুলিছে । এয়া এক গভীৰ ষড়যন্ত্ৰ বুলি অভিযোগ তুলিছে সংগঠনটোৰ কৰ্মকৰ্তাসকলে । তেওঁলোকৰ অভিযোগ অনুসৰি, এপ'ল' নামৰ এটা বহিৰাগত কোম্পানীক ফাৰ্মাচীৰ সকলো কাম দিয়াৰ পৰিকল্পনা কৰা হৈছে আৰু সেয়ে, অএনজিচিয়ে এই নীতিবোৰ গ্ৰহণ কৰিছে ।

ইতিমধ্যে আছুৱে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈও এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।

কিন্তু কোনো সুফল নাপালে । সেয়ে, মঙলবাৰে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ অন্তত অএনজিচিৰ মুখ্য পৰিচালন সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি সংগঠনটোৰ নেতা বিজয় শংকৰ বৰদলৈয়ে জানিবলৈ দিয়ে । অএনজিচি নিজৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আছুৱে জংগী আন্দোলন গঢ়ি তুলিব বুলিও ছাত্ৰ নেতাগৰাকীয়ে হুংকাৰ দিয়ে ।

লগতে পঢ়ক:28 আগষ্টৰ পৰা অসমত চলিব ভিষ্টাডম ৰে'ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.