টীয়ক,2 জুলাই: ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহক সকাহ দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ঔদ্যোগিক নীতিৰ সিদ্ধান্তক কাৰ্যকৰী কৰাৰ বাবে ভূমি নীতি প্ৰৱৰ্তনত সমৰ্থন আগবঢ়াইছে অসম চৰকাৰে ৷ বুধবাৰে ৰাজ্য চৰকাৰৰ কেবিনেটে ভূমি নীতি প্ৰৱৰ্তনৰ বাবে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷
অসম চৰকাৰে এই সিদ্ধান্তৰ যোগেদি খিলঞ্জীয়াৰ হাতৰ ভূমি অনা-অসমীয়া বণিয়াৰ হাতত গতাই দিয়াৰ একপ্ৰকাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷ উদ্যোগ স্থাপনৰ নামত খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা-অসমীয়া বণিয়াই যাতে কোনো কাৰণতে যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে চৰকাৰক হুংকাৰ প্ৰদান কৰে ৰাজ্য়ৰ ভিন্ন দল-সংগঠনে ৷