ETV Bharat / state

পুনৰ কা বিৰোধী আন্দোলনে কঁপিব অসম ! - ৰাজনৈতিক দলৰ নেতা সকলে ধৰ্মীয় মেৰু কৰণ কৰি জাতিটো ভাঙিছে

বিজেপিয়ে নিৰ্বাচনী ইস্তেহাৰত ভূৱা প্ৰচাৰ চলাইছে ৷ সংবাদমেল যোগে এই অভিযোগ উত্থাপন কৰিছে আছুৰ কেন্দ্ৰীয় সভাপতি দীপাংক নাথে ৷

পুনৰ কা’ৰ বিৰুধী আন্দোলনে কঁপিব অসম !
পুনৰ কা’ৰ বিৰুধী আন্দোলনে কঁপিব অসম !
author img

By

Published : Mar 15, 2021, 10:49 PM IST

যোৰহাট,15 মাৰ্চ: সোমবাৰে যোৰহাটত অনুষ্ঠিত কৰা হয় সদৌ অসম ছাত্ৰ সন্থাৰ এক সংবাদমেল ৷ সংবাদমেলত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে আছু ৷

পুনৰ কা বিৰোধী আন্দোলনে কঁপিব অসম !

সোমবাৰে সাংবাদিকৰ আগত আছুৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে মন্তব্য কৰে যে, বিজেপিয়ে বাংলাদেশ সীমা ছীল কৰাৰ যি কথা ইস্তেহাৰত কৈছে, সেয়া সম্পূর্ণ শুদ্ধ নহয় ৷ এতিয়াও কৰিমগঞ্জৰ ৪ কিল’মিটাৰ সীমান্ত ছীল হোৱা নাই ৷ লগতে ধুবুৰী নদীপথৰ এতিয়াও বহু স্থান ছীল হ'বলৈ বাকী আছে ৷ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাই আছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কয় যে, অসমৰ সংবাদ মাধ্যমক লৈ উক্ত স্থানসমূহলৈ লৈ যাওঁক আৰু বিভিন্ন মাধ্যমৰ যোগেৰে সেই কথা দেখুৱাওঁক ৷

পুনৰ ২০ মাৰ্চত কা-ৰ বিৰুদ্ধে গুজৰি উঠিব আছু ৷ এই কথা উল্লেখ কৰে যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দীপাংক নাথে ৷ সংবাদমেলত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সম্পাদক দীপাংক নাথৰ লগতে কেন্দ্ৰীয় সহকাৰী সম্পাদক জুল খাউণ্ড, যোৰহাট জিলা সভাপতি বিজয় শংকৰ বৰদলৈ আদি ৷ আছুৰ লগতে ৩০ টা সংগঠন আৰু শিল্পী সমাজ কা-ৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে ৷ ২০ মাৰ্চত কা-ৰ বিৰুদ্ধে বাইক ৰেলীৰে আইনৰ বিৰোধিতা কৰিব আছুৱে ৷ ৰাজ্যৰ প্ৰতিখন শাখা আৰু আঞ্চলিকত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ ৰাজনৈতিক দলসমূহক কা-ৰ বিষয়ে স্থিতি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে আছুৰ কেন্দ্ৰীয় সভাপতি গৰাকীৰ ৷

পুনৰ কা’ৰ বিৰোধী আন্দোলনে কঁপিব অসম !

বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰত কা বাহাল থাকিব বুলি উল্লেখ কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাজপথত আন্দোলন কৰাৰ পিছতো বিজেপিয়ে এই সাহস কৰিবলৈ সক্ষম হৈছে ৷ আছুৱে পুনৰ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছে কা বাতিল কৰাৰ বাবে ৷ এই কা বিৰোধিতাৰ সময়ত বা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত যান-বাহন নিয়ম মানি চলিহে যেন অনুষ্ঠিত কৰিব কা বিৰোধী প্ৰতিবাদ ৷

আনহাতে, ২১ মাৰ্চত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু ২২ তাৰিখে প্ৰতিনিধি সভা গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে সভাপতি দীপাংক নাথে ৷ ৰাজনৈতিক দলৰ নেতাসকলে ধৰ্মীয় মেৰুকৰণে জাতিটোত ভাঙোন আনিবলৈ চেষ্টা কৰিছে ৷ ধৰ্মীয় মেৰুকৰণেৰে ৰাজনৈতিক দলসমূহক উৎখাত কৰিবলৈ আহ্বান আছুৰ সভাপতি গৰাকীৰ ৷

ৰাজনৈতিক দলৰ নেতা সকলে ধৰ্মীয় মেৰু কৰণ কৰি জাতিটো ভাঙিছে

লগতে পঢ়ক: নিৰ্বাচন: অসমলৈ সোঁত বৈছে ৰাষ্ট্ৰীয় নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.