ETV Bharat / state

COVID-19ত আক্ৰান্ত টীয়কৰ এজন যুৱক - টীয়

বৃহস্পতিবাৰে টীয়কৰ এজন যুৱকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ যুৱকজন যোৱা ২৮ জুনত গুৱাহাটীৰ পৰা টীয়কৰ কলিয়াপানীস্থিত নিজৰ বাসগৃহলৈ আহিছিল ৷

Teok covid positive
Teok covid positive
author img

By

Published : Jul 9, 2020, 11:54 PM IST

টীয়ক, 9 জুলাইঃ সমগ্ৰ অসমতে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে COVID-19 আক্ৰান্তৰ সংখ্যা ৷ 9 জুলাইl ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় 14032 গৰাকীলৈ ৷ তাৰ মাজতে বৃহস্পতিবাৰে পুনৰ ভিন্ন স্থানৰ লগতে, টীয়কৰ কলিয়াপানী চাংমাই গাঁৱৰ এজন যুৱকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ নৱজ্যোতি শইকীয়া নামৰ COVID আক্ৰান্ত যুৱকজন যোৱা ২৮ জুনত গুৱাহাটীৰ পৰা নিজৰ বাসগৃহলৈ আহিছিল ৷ যোৰহাটত স্বাৱ পৰীক্ষা কৰোৱা হৈছিল যুৱক জনৰ ৷ গুৱাহাটীৰ পৰা আহি হোম কোৱাৰেণ্টাইন হৈ আছিল নৱজ্যোতি শইকীয়া নামৰ যুৱকজন ৷

COVID-19ত আক্ৰান্ত টীয়কৰ এজন যুৱক

জানিব পৰা মতে, গুৱাহাটীৰ ৰেনল্ড কোম্পানীত কৰ্মৰত COVID আক্ৰান্ত যুৱক জনৰ দেহত নাছিল কোনো ধৰণৰ কৰ'ণা মহামাৰীৰ লক্ষণ ৷ ইতিমধ্যে স্বাস্থ্য বিভাগৰ এটা দলে আহি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাললৈ প্ৰেৰণ কৰিছে নৱজ্যোতি শইকীয়াক ৷ সম্প্ৰতি সমগ্ৰ অঞ্চলটো কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত যোৰহাট জিলাত মুঠ 18 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে জিলাখনত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 243 গৰাকীলৈ ৷

লগতে পঢ়কঃ জীৱন যুঁজত হাৰ মানিলে শিল্পী ঋষভ দত্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.