টীয়ক, 13 আগষ্ট: যোৱা 11 আগষ্টৰ নিশা যকৃতনিত ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লৈছিল টীয়কৰ জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাই ৷ জ্যেষ্ঠ সাংবাদিক গৰাকীৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰে সমগ্ৰ যোৰহাটবাসীৰ লগতে, সংবাদ মাধ্যমৰ লগত জড়িত লোকসকল ৷ ১৯৭৯ চনত জন্মগ্ৰহণ কৰা মৃদুল বৰুৱা আছিল এগৰাকী সুদক্ষ গীটাৰ বাদকো ৷ সুদীৰ্ঘ ১২ বছৰ সাংবাদিকতা কৰি বৃহত্তৰ টীয়কৰ সমাজ জীৱনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে তেওঁ ৷
এই বহুমুখী প্ৰতিভাৰ অধিকাৰীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বুধবাৰে টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত সাংবাদিক গৰাকীৰ সোঁৱৰণত, টীয়ক নগৰৰ মাজমজিয়াৰ অসম ৰাজ্যিক বাছ আস্থানৰ প্ৰাংগণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ যোৰহাট জিলাৰ প্ৰায় 49 টা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে, বহু ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ লোকে অংশগ্ৰহণ কৰে বুধবাৰে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷ যোৰহাট জিলা ই-মিডিয়া, টীয়ক প্ৰেছ ক্লাৱ তথা তেওঁৰ শুভাকাংক্ষী সকলে তেওঁৰ পৰিয়ালক আগবঢ়ায় এককালীন সাহায্য ৷ আগন্তুক দিনত তেওঁৰ নামত কোনো কাৰ্যপন্থা হাতত ল'ব বুলি সংবাদ মাধ্যমযোগে সদৰি কৰে যোৰহাট ই-মিডিয়াৰ সভাপতি ৰাজীৱ বৰাই ৷
লগতে পঢ়ক: স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাক্সাত গছপুলি ৰোপন