ETV Bharat / state

কৃষি বিভাগৰ ন পদক্ষেপ : বজাৰত মুকলি OP Line AVPU-1391

author img

By

Published : Sep 5, 2021, 10:59 AM IST

এতিয়াৰে পৰা অসমৰ কৃষকে বহিঃৰাজ্যৰ ৰঙালাওৰ উন্নত মানদণ্ডৰ বীজ ক্ৰয়ৰ কোনো প্ৰয়োজন নাই । কৃষি বিভাগৰ সহযোগত অসমৰ এগৰাকী উদ্যোগীয়ে বজাৰলৈ মুকলি কৰিছে ৰঙালাওৰ উন্নত মানদণ্ডৰ বীজ ।

APART
যোৰহাট জিলা কৃষি বিভাগৰ আদৰণীয় পদক্ষেপ

যোৰহাট, ৫ ছেপ্তেম্বৰ : কোনো এবিধ শস্যৰ যদি বীজ উন্নত মানদণ্ডৰ নহয় তেতিয়াহ'লে ফচলো ঠিক নহয় । সেয়ে খেতিয়কে যাতে উন্নত মানদণ্ডৰ বীজ লাভ কৰি কৃষিক্ষেত্ৰত উন্নত ফচল উৎপাদন কৰিব পাৰে, তাৰ বাবে অসমৰ কৃষি বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ।

APART
যোৰহাট জিলা কৃষি বিভাগৰ আদৰণীয় পদক্ষেপ

তাৰ ভিতৰত কৃষি বিভাগে 'অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প' (APART)ৰ জৰিয়তে সাতোটা বিভাগক জড়িত কৰি আন্তঃৰাষ্ট্ৰীয় কেইবাটাও কৃষি, পশুপালন, মৎস্য পালনৰ গৱেষণা আৰু প্ৰসাৰৰ লগত জড়িত অনুষ্ঠানৰ নীতি-নিৰ্দেশনাৰে আঁচনি ৰূপায়ণ কৰি বহু দিশত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।

বিভিন্ন শস্যৰ বীজ উৎপাদনেৰে ৰাজ্যখনক স্বাৱলম্বী কৰাৰ লক্ষ্য আগত ৰাখি হাতত লোৱা আঁচনিৰ অংশ হিচাপে যোৰহাট জিলা কৃষি বিভাগে মাজকুৰি পলাশবাৰী গাঁৱৰ উদ্যোগী কৃষক হেমচন্দ্ৰ গগৈৰ পথাৰত আৰু তেওঁৰ সহযোগত উৎপাদন কৰা 'OP Line AVPU-1391' নামৰ উচ্চ উৎপাদনক্ষম আৰু সোৱাদযুক্ত ৰঙালাওৰ বীজ উৎপাদন কৰি বজাৰলৈ উলিয়াইছে ।

APART
যোৰহাট জিলা কৃষি বিভাগৰ আদৰণীয় পদক্ষেপ

শনিবাৰে জিলা কৃষি কাৰ্যালয়ত অনুষ্ঠিত হোৱা উন্মোচনী সভাত প্ৰথমে দৰং জিলাৰ গৰুখুঁটি কৃষি প্ৰকল্পলৈ বীজ যোগানেৰে ব্যৱসায়ৰ শুভাৰম্ভ কৰা হয় । সভাত বিশিষ্ট অতিথি হিচাপে যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে অংশগ্ৰহণ কৰি এই কাৰ্যৰ শুভাৰম্ভ কৰে । ইয়াৰ জৰিয়তে অনাগত দিনত অসমবাসীয়ে ৰাজ্যিক কৃষি বিভাগৰ তত্বাৱধানত উৎপাদিত বহু শস্যৰ উন্নত জাতৰ বীজ পাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত লোকবন্ধু দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.