টীয়ক, 4 মে’: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত আন এক বৃহৎ সফলতা ৷ 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ স্বৰূপে ৰাজ্য চৰকাৰৰ 47 টা বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰদান ৷ চৰকাৰৰ এনে পদক্ষেপে হাঁহি বিৰিঙালে ৰাজ্যৰ বহুসংখ্যক শিক্ষিত নিবনুৱাৰ মুখত (Assam govt grade 3 results) ৷
যি সময়ত প্ৰতিগৰাকী অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ যোগ্যতাৰে একোটাকৈ চৰকাৰী সংস্থাপন আশা কৰে তেনে সময়তে মেধাৰ ভিত্তিত চৰকাৰখনে শিক্ষা,আৰক্ষী, চিকিৎসা আদি বিভিন্ন বিভাগত যি স্বচ্ছ তথা নিকা নিযুক্তি প্ৰদান কৰিছে তাক লৈ এতিয়া সন্তুষ্ট নিযুক্তি পৰীক্ষাৰ ফলাফলত উজলি উঠা নিবনুৱা যুৱক-যুৱতী(Assam Grade 3 Result 2023) ৷ উল্লেখযোগ্য যে, তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত অভাৱগ্ৰস্ত বহু পৰিয়ালৰ যুৱক-যুৱতী উজ্বলি উঠা পৰিলক্ষিত হৈছে (Student of Teok Shine in Assam Govt Grade 3 Exam) ৷
তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত উজলিল টীয়কৰ কাকজান সোণাৰী গাঁৱৰ, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ জিন্তু বৰদলৈ নামৰ এইগৰাকী যুৱক ৷ বিজ্ঞান শাখাৰ স্নাতক জিন্তুক পিতৃয়ে ঘৰৰ সন্মুখত এখন সাধাৰণ মাংসৰ দোকান দি অতি কষ্টেৰে পঢ়ুৱাইছিল (Assam Govt Recruitment) ৷
২০১৯ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছৰ পৰাই জিন্তুৱে এটা চৰকাৰী সংস্থাপনৰ বাবে দিনে-ৰাতিয়ে চেষ্টা অব্যাহত ৰাখিছিল ৷ অৱশেষত বুধবাৰে সেই কষ্টৰ ফল লাভ কৰিলে জিন্তুৱে ৷ নিকা আৰু স্বচ্ছতাৰে মেধাৰ ভিত্তিত চৰকাৰে প্ৰদান কৰা নিযুক্তি প্ৰক্ৰিয়াৰ বাচনিত উত্তীৰ্ণ হ'ল জিন্তু (Assam Direct Recruitment Result 2023) ৷ ইয়াৰ বাবে এতিয়া জিন্তুৰ লগতে তেওঁৰ পৰিয়ালে মুখ্যমন্ত্ৰীক দিলে অশেষ ধন্যবাদ ৷ লগতে অনাগত দিনবোৰটো এই ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে (Himanta Biswa Sarma Assam CM) ৷