ETV Bharat / state

A specially-abled person:মৰিয়নী ৰে’ল ষ্টেচনত ৰে’লৰ উকিৰ সমান্তৰালকৈ ভায়’লিনৰ সুৰৰ লহৰ - Assam

এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ ভায়োলিনত ভাহি অহা সুৰত মুগ্ধ সহস্ৰজন । অন্ধ শিল্পীগৰাকীয়ে ভায়’লিনত সুৰৰ মূৰ্চ্ছনা তুলি হৃদয়ৰ একোণত সজীৱ হৈ থকা জীৱনৰ বহু অজান কথা যেন ক’ব খুজিছে ।

a physically abled man plays violin
বিশেষভাৱে সক্ষম ব্যক্তিৰ ভায়’লিনৰ সুৰৰ মূৰ্চনা
author img

By

Published : Jul 19, 2023, 8:55 PM IST

বিশেষভাৱে সক্ষম ব্যক্তিৰ ভায়’লিনৰ সুৰৰ মূৰ্চনা

যোৰহাট, 19 জুলাই : মৰিয়নী ৰে’ল ষ্টেচনত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ ভায়’লিনৰ সুৰৰ মূৰ্চ্ছনা । ৰে’লৰ ইঞ্জিনৰ বিকট শব্দ, কাণ তাল মৰা দীঘলীয়া উকিৰ বিপৰীতে মৰিয়নী ৰে’ল ষ্টেচনত এতিয়া শুনিবলৈ পোৱা গৈছে ভায়’লিনৰ সুৰ । এগৰাকী অন্ধ শিল্পীয়ে হাতত ভায়’লিনখন লৈ মৰিয়নী ৰে’ল ষ্টেচনত সুৰৰ মূৰ্চ্ছনা তোলা এই দৃশ্য বহু ৰে’ল যাত্ৰীয়ে অকণমাণ সময়ৰ বাবে ৰৈ হ’লেও প্ৰত্যক্ষ কৰি সন্তুষ্টি লাভ কৰিছে । বিশেষভাবে সক্ষম এইগৰাকী ব্যক্তিয়ে কাষেৰে পাৰ হৈ যোৱা প্ৰতিজন ব্যক্তিৰে এপলকৰ বাবে হ’লেও দৃষ্টি আকৰ্ষণ কৰে ৷

ভায়’লিনখন বজাই দুবেলা দুমুঠি খুজি মাগি খাই অহা এই লোকজনৰ প্ৰতিভা দেখি আপ্লুত হৈ পৰিছে সকলো ৷ পদ পথ অথবা ৰে’ল ষ্টেচনত ব্যক্তিজনে নীৰলে এখন ভায়’লিনত বিভিন্ন কালজয়ী গীতৰ লহৰ তুলি সন্তুষ্ট কৰিছে ভাগৰুৱা পদপথৰ যাত্ৰীক । মানুহজনৰ নাম ধীৰেশ দাস । গোৰেশ্বৰ বাসিন্দা ধীৰেশ দাস । তিনিচুকীয়াৰ পৰা আহি এতিয়া মৰিয়নী ৰে’ল ষ্টেচনত বহি ভায়’লিনৰ সুৰেৰে যেন বান্ধি পেলাইছে সহস্ৰজন যাত্ৰীৰ হৃদয় । সেই সুৰে আপোনাৰ হৃদয়তো আৱেগৰ ঢৌ তুলিব ।

অন্ধ হৈয়ো সুৰৰ মাজেৰেই ধীৰেশ দাসে যেন অনুভৱ কৰিছে সেউজীয়া পৃথিৱীৰ সুন্দৰতা । সুৰৰ মাজেৰেই তেওঁ মানুহৰ মৰমবোৰ কঢ়িয়াই ফুৰিছে । তেওঁৰ ভায়’লিনত কেতিয়াবা যদি জনপ্ৰিয় হিন্দী গীতৰ সুৰ নিগৰে কেতিয়াবা আকৌ দুখৰ সুৰ তুলি উপস্থিত বহুজনৰ দুচকু সেমেকাই তোলে । বহুজনে প্ৰশংসাৰে উপচাই দিছে এইগৰাকী পদপথৰ অখ্যাত শিল্পীৰ সংগীত প্ৰতিভাক । বছৰ বছৰ ধৰি তেওঁ অসমৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত ভায়’লিনৰ সুৰেৰে মায়াজাল সৃষ্টি কৰি পেটৰ ক্ষুধা নিবাৰণ কৰি আহিছে । পেটৰ তাড়নাতে ভায়’লিন এখন যোগাৰ কৰি ঘৰৰ পৰা ওলাই আহিছিল কিছু বছৰ পূৰ্বে তেওঁ ।

লগতে পঢ়ক : Deuram Tasa Award 2023: সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈ দেউৰাম তাছা স্মাৰক বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.