যোৰহাট, 29 মাৰ্চ: বৰ্তমান সময়ত শিক্ষাখণ্ডত প্ৰয়োভৰ তথা জনপ্ৰিয়তা বৃদ্ধি পাইছে ব্যক্তিগতখণ্ডৰ বিদ্যালয় সমূহৰ ৷ নিজ সন্তানৰ সুন্দৰ তথা সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি অভিভাৱকসকলেও প্ৰথম পছন্দ হিচাপে বাচি লৈছে ব্যক্তিগতখণ্ডৰ বিদ্যালয় সমূহ ৷ ৰাজ্যৰ এনে বহু চৰকাৰী বিদ্যালয় আছে, যি ছাত্ৰ-ছাত্ৰীৰ অভাৱত ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু বহুতৰে মৃত্যুমুখী যাত্ৰা চলি আছে ৷ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ এই দপদপনিৰ সময়তে যোৰহাটৰ এখন বেচৰকাৰী বিদ্যালয়ৰ হঠকাৰী সিদ্ধান্তই বিমোৰত পেলাইছে শিক্ষাৰ্থী আৰু অভিভাৱকক (Arrogance of a private schools) ৷
মৰিয়নিৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান এডিথ ডগলাছ স্কুলত হঠাৎ বন্ধ কৰি দিয়া হ’ল নৱম আৰু দশম শ্ৰেণীৰ পাঠদান ৷ কৰ্তৃপক্ষই আকস্মিকভাৱে কাৰ্যকৰী কৰা এই সিদ্ধান্তৰ বাবে এতিয়া বিপাঙত পৰিছে বিদ্যালয়খনৰ এই দুটা শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল ৷ লগতে তেওঁলোকৰ অভিভাৱকসকলকো বিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তই চিন্তিত কৰি তুলিছে । আকস্মিকভাৱে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত অনিশ্চয়তাৰ দিশে গতি কৰিছে বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ (Edith Dougulas School at Mariani) ।
লগতে পঢ়ক: Environment Education programme: মৰিগাঁৱত পৰিৱেশৰ বাবে জীৱন শৈলী শীৰ্ষক কাৰ্যসূচীৰ সফল সামৰণি
এডিথ ডগলাছ হায়াৰ চেকেণ্ডেৰী নামৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ কৰ্তৃপক্ষই কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ হঠাৎ চলিত বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যালয়খনত পূৰ্বৰ পৰাই প্ৰচলিত নৱম আৰু দশম শ্ৰেণীৰ পাঠদান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয় । বিদ্যালয় কৰ্তৃপক্ষক এই সিদ্ধান্ত প্ৰত্যাহাৰ বাবে দাবী জনাবলৈ বুধবাৰে বিদ্যালয়খনত উপস্থিত হয় যথেষ্ট সংখ্যক অভিভাৱক ৷ তেওঁলোকে সাক্ষাৎ কৰিব বিচাৰে বিদ্যালয়ৰ অধ্যক্ষক ৷ কিন্তু অভিভাৱক আৰু ৰাইজৰ ৰোষত পৰাৰ ভয়ত কাকো সাক্ষাৎ নকৰাকৈ গাড়ীত উঠি পলায়ন কৰে বিদ্যালয় খনৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ এনি আব্ৰাহমে (Mariani private school Arrogance)।
উল্লেখ্য যে, সহস্রাধিক শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ থেলি দি বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এই পদক্ষেপৰ বিৰুদ্ধে শীঘ্ৰে ছাত্ৰ সমাজ আৰু অভিভাৱকসকলে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন গঢ়ি তোল হুংকাৰ প্ৰদান কৰে ৷ এগৰাকী অভিভাৱকৰ অভিযোগ মতে, কেইদিননমান পূৰ্বে বিদ্যালয়খনত অনুষ্ঠিত কৰা হৈছিল অভিভাৱকৰ সভা ৷ তাতেই বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকসকলৰ পৰা চহী কৰাই লৈছিল উকা কাগজত ৷ পিচত সেই কাগজত বিদ্যালয়খনত নৱম আৰু দশম শ্ৰেণীৰ পাঠদান বন্ধ কৰা হৈছে বুলি লিখি ছাত্ৰ-ছাত্ৰীৰ সৈতে হেতালি খেলিছে বিদ্যালয়ৰ স্বত্বাধিকাৰীয়ে (Jorhat local news) ৷
লগতে পঢ়ক: Govt school in Nalbari : নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে লাগিছে হেতা ওপৰা
এতিয়া এইসকল অভিভাৱকে ক’ত নাম ভৰ্তি কৰোৱাব তেওঁলোকৰ সন্তানক ? অভিভাৱকসকলৰ মতে, আন বিদ্যালয়লৈ পঠিয়াবলৈ হ’লেও যথেষ্ট দূৰ হয় তেওঁলোকৰ অঞ্চলৰ পৰা ৷ সেয়ে উপায়হীন হৈ পৰিছে তেওঁলোক ৷ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে অভিভাৱকসকলে ৷ প্ৰশ্ন হয়, নিজৰ মইমতালিৰে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা এইসমূহ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা ল’বনে ? নে এইদৰেই শিক্ষাৰ নামত নিজৰ খেয়ালখুচি মতে বেপাৰ কৰিবলৈ সুবিধা কৰি দিব এনেকুৱা ব্যক্তিগত বিদ্যালয়বোৰক (Private school class controversy) ৷