যোৰহাট, 7 মাৰ্চ: যোৰহাটৰ নিমাতী ঘাটত পুনৰ অঘটন (Nimati Ghat Incident) ৷ ব্ৰহ্মপুত্ৰৰ বুকুত বাগৰি পৰিল চালকসহ চলন্ত বাহন (Car fell into Brahmaputra River) ৷ কিদৰে চকুৰ পচাৰতে বাহনখন বাগৰিছিল তাৰ শিহৰণকাৰীৰ বিৱৰণ দাঙি ধৰিলে উদ্ধাৰকাৰী যুৱকে ।
ঘটনা অনুসৰি মঙলবাৰে নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ যাবলগীয়া এখন ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰি যায় চালকসহ এখন চাৰিচকীয়া বাহন (Moving car fell into the Brahmaputra)। বিহাৰ অনুজ্ঞাপত্ৰ থকা 22 BH 8261 D নম্বৰৰ বাহনখন নিমাতী ঘাটৰ দুই নং ৰেম্পত তোলাৰ সময়তেই বানখনে নিয়ন্ত্ৰণ হেৰুৱাই গৈ ফেৰীখন পাৰ হৈ গৈ নদীত পৰেগৈ । গাড়ীখনৰ চালকৰ আসনত আছিল অৰুণাচল প্ৰদেশত কৰ্মৰত এজন সেনা বিষয়া (Car rescued along with driver)।
লগে লগে বাহনখন বাগৰি পৰা দেখি ঘাটত থকা টেম্পো আৰু মেজিক চালকসকলে গাড়ীখন উদ্ধাৰৰ বাবে নদীত জাঁপ দিয়ে ৷ ততালিকে এজন টেম্পো চালকে গাড়ীখনৰ চকাত এডাল ৰচী বান্ধি গাড়ীখন ডুবাৰ পৰা বচাবলৈ যত্ন কৰে ৷ ইফালে গাড়ীখনত বহি থকা সেনা বিষয়াজনক উদ্ধাৰকাৰী যুৱকজনে একো নহয় বুলিও আশ্বাস দিয়ে ৷
কিছু সময়ৰ পিচতে সাহসী চালক আৰু স্থানীয় ৰাইজৰ সহযোগত জীৱন্ত অৱস্থাতেই চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই উদ্ধাৰ অভিযান সফল কৰাৰ পিচতেই স্থানীয় টেম্পো চালকসহ গাড়ীচলকসকলক প্ৰশংসাই উপচাই পেলাইছে ৰাইজে । উল্লেখ্য যে, বিগত বৰ্ষত নিমাতী ঘাটত সংঘটিত হোৱা ভয়াৱহ নাও দুঘটনাৰ লগতে সময়ে সময়ে নৈত ফেৰী আৱদ্ধ হোৱা ঘটনাৰ পাচতো কিয় আভ্যন্তৰীণ জল পৰিবহণ বিভাগ তথা জিলা প্ৰশাসনে আজিকোপতি কিয় শিক্ষা লোৱা নাই, এয়া এক অবুজ সাঁথৰ হৈ পৰিছে ৷
লগতে পঢ়ক: Assam Police station : বছৰত ১ টাতকৈ অধিক গোচৰ নহা অসম এখন ব্যক্তিক্ৰমী আৰক্ষী থানা
এতিয়াও একাংশ ফেৰী আৰু জাহাজ কৰ্তৃপক্ষই সকলো নীতি নিয়মৰ বাহিৰত গৈ একচেতিয়া ভাৱে কাম কৰা বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা গুৰুতৰ অভিযোগ উথাপিত হৈছে । পৰৱৰ্তী সময়ত এনে ঘটনাসমূহৰ সন্দৰ্ভত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যনীয় হ’ব ৷