ETV Bharat / state

জীৱন যুঁজত হাৰ নমনা এগৰাকী ব্যতিক্ৰমী মহিলা

author img

By

Published : Mar 8, 2020, 3:15 PM IST

যোৰহাটৰ ৰজাবাৰী চেকনীধৰা অঞ্চলৰ নিবাসী এগৰাকী ৫৩ বছৰীয়া এইগৰাকী মহিলাৰ জীৱন সংগ্ৰামে তেওঁক প্ৰদান কৰিছে আন মহিলাতকৈ এক সুকীয়া স্থান ৷ বিগত 23 বছৰে সাধাৰণতে পুৰুষৰ বৃত্তিৰ অন্তৰ্গত ৰাজ মিষ্ট্ৰীৰ দৰে কঠিন কাম অনায়াসে কৰি আহিছে অনিমা দাস নামৰ মহিলা গৰাকীয়ে ৷

এগৰাকী ব্যতিক্ৰমী মহিলা
এগৰাকী ব্যতিক্ৰমী মহিলা

যোৰহাট, 8 মাৰ্চঃ কঠোৰ জীৱন সংগ্ৰামত থমকি নোৰোৱা এগৰাকী মহিলা ৷ পুৰুষতকৈও সুন্দৰ আৰু নিয়াৰিকৈ কৰিব পাৰে তেওঁ কঠিন কাম ৷ বিগত 23 বছৰৰ পৰা সাধাৰণতে পুৰুষৰ বৃত্তিৰ অন্তৰ্গত ৰাজ মিষ্ট্ৰীৰ দৰে কঠিন কাম অনায়াসে কৰি আহিছে মহিলাগৰাকীয়ে ৷ ৫৩ বছৰীয়া এই মহিলা গৰাকী যোৰহাটৰ ৰজাবাৰী চেকনীধৰা অঞ্চলৰ নিবাসী অনিমা দত্ত ৷ অনীমা দত্তই বৰ্তমানলৈকে নিজ হাতে নিৰ্মাণ কৰিছে বহু পকী ঘৰ আৰু অট্টালিকা ৷ স্বামীৰ দ্বাৰা অৱহেলিত হৈ কণ কণ দুই কন্যা সন্তানক লগত লৈ কঠোৰ জীৱন সংগ্ৰামত নামি পৰিছিল তেওঁ ৷ যাৰ বাবে 23 বছৰ আগতে মাত্ৰ 40 টকা দৈনিক হাজিৰাৰে তেওঁ জীৱন নিৰ্বাহৰ বাবে আৰম্ভ কৰিছিল এই কাম ৷ বৰ্তমন দুই সন্তানক শিক্ষিত কৰাৰ লগতে দুয়োকে বিয়াও দিলে অনিমাই ৷

জীৱন যুঁজত হাৰ নমনা এগৰাকী ব্যতিক্ৰমী মহিলা

লগতে পঢ়কঃ প্ৰতিগৰাকীৰ নাৰীৰ বাবেই আদৰ্শ হোৱা অপৰ্ণা কবিৰাজৰ কথাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.