ETV Bharat / state

Bhupen Hazarika 97th birthday : যোৰহাটত সুধাকণ্ঠৰ জন্মদিৱস উদযাপন; প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন

যোৰহাটত উদযাপন কৰা হৈছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম দিৱস ৷ ভোগদৈ নদীৰ পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ কাষত উদযাপন কৰা হয় তেখেতৰ 97 সংখ্যক জন্ম বাৰ্ষিকী ৷

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:49 PM IST

97th Birth Anniversary of Bhupen Hazarika
সুধাকণ্ঠৰ জন্মদিৱস উদযাপন
যোৰহাটত সুধাকণ্ঠৰ জন্মদিৱস উদযাপন

যোৰহাট, 8 ছেপ্টেম্বৰ : আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম দিৱস ৷ সুধাকণ্ঠৰ ওপজা দিনত ৰাজ্যজুৰি তেওঁক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ৷ আজিৰ এই বিশেষ দিনটোত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাইছে তেখেতৰ গুণমুগ্ধসকলে ৷

যোৰহাটতো উদযাপন কৰা হৈছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম দিৱস ৷ ভোগদৈ নদীৰ পাৰত থকা সুধাকন্ঠৰ প্ৰতিমূৰ্তি কাষত উদযাপন কৰা হয় তেখেতৰ 97 সংখ্যক জন্ম বাৰ্ষিকী ৷ সুধাকন্ঠ ড৹ ভূপেন হাজৰিকা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ উদ্যোগত যোৰহাট সাংস্কৃতিক মঞ্চ আৰু আনন্দ নগৰ উন্নয়ন সমিতিৰ যৌথ সহযোগত বিশ্ববৰেণ্য শিল্পী সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ 97 সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰা হয় ৷ ভোগদৈৰ পাৰত থকা ভাৰতৰত্ন ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুণমুগ্ধ সকলে ৷ সন্ধিয়াৰ পৰা অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Tribute to Bhupen Hazarika: বঢ়মপুৰত সুধাকন্ঠ ভূপেন হাজৰিকাৰ 97 সংখ্যক ওপজা দিন উদযাপন

সকলোৱে ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিৱেদন কৰি তেওঁৰ প্ৰতি থকা অসমবাসী ৰাইজৰ অফুৰন্ত মৰম আৰু শ্ৰদ্ধা প্ৰকাশ কৰে ৷ এই অনুষ্ঠান মুকলি কৰে যোৰহাট জিলাৰ উপ -আৰক্ষী অধীক্ষক ক্ষিতেশ্বৰ বণিয়াই আৰু এই অনুষ্ঠানৰ আঁত ধৰে যোৰহাটৰ উদীয়মান সমাজকৰ্মী বিজয় শংকৰ বৰদলৈয়ে ৷ আনহাতে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ কাষতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হয় ৷ উল্লেখ্য যে, যোৰহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আজি বিশ্ব বৰণ্যে শিল্পীগৰাকীৰ জন্ম বাৰ্ষিকী উদযাপন কৰে ৷

লগতে পঢ়ক : Bhupen Hazarika 97th birthday: ‘‘মানুহে মানুহৰ বাবে...’’ সুধাকণ্ঠৰ ওপজা দিনত সমাধিত শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.