যোৰহাট, 13 জুলাই : যোৰহাট মেডিকেল কলেজ হাস্পতালৰ কো'ভিড কেন্দ্ৰত কণমানি অভিগ্নীয়ান চুতীয়াই পালন কৰিলে তেওঁৰ সপ্তমটো জন্মদিন ৷ উল্লেখ্য যে, আৰক্ষী পিতৃ বিতুল চুতীয়াৰ আৰক্ষী চাউনীৰ আৱাসত কো'ভিড পজিটিভ ওলোৱাৰ পিছতে তেওঁৰ পত্নী আৰু পুত্ৰ অভিগ্নীয়ানৰো শ্বাৱ টেষ্ট কৰা হৈছিল ৷
পত্নী আৰু পুত্ৰ দেহতো কোভিড-19 পজিটিভৰ উপস্থিতি ধৰা পৰাৰ পিছত দুয়োকে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু সম্প্ৰতি দুয়োৰে চিকিৎসা চলি আছে । চিকিৎসা চলি থকাৰ সময়তে নিজৰ ওপজা দিনটো আহি পৰাত কোভিড কেন্দ্ৰতে কেক্ কাটি কণমানি অভিগ্নীয়ান চুতীয়াই পালন কৰিলে হেঁপাহৰ দিনটো ।
লগতে পঢ়ক : গোলাঘাটত অপৰিৱৰ্তিত বান বিভীষিকা