ETV Bharat / state

তিতাবৰত উদ্ধাৰ 6 লক্ষাধিক টকাসহ সুৰাৰ বটল

তিতাবৰত আৰক্ষীৰ নিয়মীয়া তালাচীত নাগালেণ্ডৰ বাহনত উদ্ধাৰ 6 লক্ষাধিক টকাসহ 7 টাকৈ সুৰাৰ বটল ৷ লগতে উদ্ধাৰ এক বাকচ এয়াৰ গানৰ গুলী আৰু ব্ৰাউন চুগাৰ । সম্প্ৰতি ড্ৰাগছ, অবৈধ সুৰা, গাঞ্জা আদিক লৈ শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰক্ষী-প্ৰশাসনে ।

author img

By

Published : Jul 8, 2021, 10:30 AM IST

7-bottles-of-liquor-with-over-rs-6-lakh-rescued-in-titabar
উদ্ধাৰ 6 লক্ষাধিক টকা সহ 7 টা সুৰাৰ বটল

তিতাবৰ, 8 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াৱহতাৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছিল বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছ, অবৈধ সুৰা, গাঞ্জা আদিক লৈ সম্প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰক্ষী-প্ৰশাসনে । ইতিমধ্যে নিচাযুক্ত সামগ্ৰীৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী ।

তিতাবৰত আৰক্ষীৰ নিয়মীয়া তালাচীত নাগালেণ্ডৰ বাহনত উদ্ধাৰ 6 লক্ষাধিক টকাসহ 7 টাকৈ সুৰাৰ বটল ৷ লগতে উদ্ধাৰ এক বাকচ এয়াৰ গানৰ গুলী আৰু ব্ৰাউন চুগাৰ । তিতাবৰ চাৰিআলিত আৰক্ষীৰ সহযোগত দণ্ডাধীশ ৰাজা বৈশ্য আৰু মহকুমাধিপতি খনীন্দ্ৰ দাসৰ উপস্থিতি চলিছিল এই নিয়মীয়া তালাচী ৷ ডিমাপুৰৰ পৰা তিনিজন নগা লোক আহি থকা AS O3 Z 4537 নম্বৰৰ বাহনখনৰ চালকৰ আসনত আছিল এগৰাকী অসমীয়া যুৱক ৷

নগা যুৱক কেইগৰাকী ক্ৰমে টেমজেনটছি লংছাৰ, লানুয়াংগাৰ, ইমনাও আপাং হোৱাৰ বিপৰীতে চালকগৰাকী মৰিয়নী দেৱেৰাপাৰৰ দিদুল আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ইপিনে মৈৰাবাৰীৰ আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷ ইয়াৰ লগতে এখন বিলাসী গাড়ীসহ 6 গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ মঙলবাৰ পুৱা মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মৈৰাবাৰী থানৰ অন্তৰ্গত পলাহজুৰী গাঁৱৰ আশ্বাদুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰখিনি ৷ ৰাজ্য়ত প্ৰায় প্ৰতিদিনেই এনেদৰে জব্দ হৈছে ইজনৰ পিচত সিজন ড্ৰাগছ সৰবৰাহকাৰী ৷

লগতে পঢ়ক: নাৰীদেহ ব্যৱসায়ৰ ঘাটি উচ্ছেদ : 5 গৰাকীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.