ETV Bharat / state

দুদিন ধৰি পানীৰ তলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ - টীয়কৰ বঙালী গাঁৱৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

পথত আৱদ্ধ হৈ পৰা পানীত দুদিন ধৰি বুৰ গৈ আছে টীয়কৰ বঙালী গাঁৱৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ইয়াৰ লগতে টীয়ক নগৰৰ দক্ষিণ-পূৱ কোণত থকা লেতেকু পথাৰ সমীপত মেৰামতি বিহীনভাৱে থকা টীয়ক নদীৰ মথাউৰিৰে নগৰাঞ্চললৈ বৈছে বাঢ়নী পানীৰ সোঁত ৷

37 highway is in under artificial flood in Teok
টীয়কত দুদিন ধৰি পানীৰ তলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ
author img

By

Published : Jun 20, 2020, 12:45 PM IST

টিয়ক, 20 জুন: বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাট জিলাৰ টীয়ক নদীত বাঢ়িছে পানী ৷ সমান্তৰালকৈ ৰাজপথতো আৱদ্ধ হৈ পৰিছে বৰষুণৰ পানী ৷ আৱদ্ধ হৈ পৰা পানীত দুদিন ধৰি বুৰ গৈ আছে টীয়কৰ বঙালী গাঁৱৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ইয়াৰ লগতে টীয়ক নগৰৰ দক্ষিণ-পূৱ কোণত থকা লেতেকু পথাৰ সমীপত মেৰামতি বিহীনভাৱে থকা টীয়ক নদীৰ মথাউৰিৰে নগৰাঞ্চললৈ বৈছে বাঢ়নী পানীৰ সোঁত ৷ এই বানৰ ফলত টীয়ক নদীৰ দুয়ো পাৰে থকা আবাসীক অঞ্চলসমূহো বুৰ গৈছে ৷ উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱাৰ লগতে পথৰ কাষত নিৰ্মাণ কৰা পকী নলা সমূহ অপৰিকল্পিত ভাৱে নিৰ্মাণ কৰাৰ ফলতে পানী নিস্কাশনৰ সকলো পথ বন্ধ হৈ পৰাত এনেদৰে টীয়ক নগৰৰ মাজমজিয়াত সৃষ্টি হৈছে অচলাৱস্থাৰ ৷

টীয়কত দুদিন ধৰি পানীৰ তলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

উল্লেখ্য যে, বৰষুণৰ বাবে 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোত আৱদ্ধ হোৱা পানীৰ বাবে পথাচাৰীৰ চলাচলত ব্যাঘাত জন্মিছে ৷ অভিযোগ অনুসৰি, চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰে পৰা প্ৰতিবছৰে আবাসীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি কৰি আহিছে এই সমস্যাই ৷ সমস্যা সমাধানৰ বাবে ৰাইজে বহুবাৰ প্ৰশাসন তথা পথ নিৰ্মানকাৰী কোম্পানীক স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো এই মুহুৰ্তলৈকে কোনো সুফল নোপোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ আনহাতে টীয়ক চাহ বাগিছা, হাতখোলা, নদীতলি, বাঁহবাৰী, চাকুলীবৰ, উলুবাৰী আদি এলেকাৰ লগতে টীয়ক-বলমা-নকছাৰী পথৰ কিছু অংশ বুৰ গৈছে এই বানত ৷

লগতে পঢ়কঃ কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.