ETV Bharat / state

যোৰহাটত ৩০০ বিচনাযুক্ত অস্থায়ী COVID চিকিৎসালয় উদ্বোধন - অস্থায়ী COVID চিকিৎসালয় উদ্বোধন

জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই শনিবাৰে স্বাধীনতা দিৱসৰ দিনটোতে যোৰহাটত ৩০০ খন বিচনাযুক্ত এখন অস্থায়ী COVID চিকিৎসালয় উদ্বোধন কৰে ৷ মন্ত্ৰী গৰাকীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, টীয়কৰ বিধায়ক ৰেণুপমা ৰাজখোৱা, যোৰহাটৰ জিলা উপায়ুক্ত ৰশ্নি অপাৰঞ্জী কৰাটী আৰু বিজেপি নেতা শান্তনু পূজাৰী ৷

কৰ'ণা ভাইৰাছ
অস্থায়ী COVID চিকিৎসালয় উদ্বোধন
author img

By

Published : Aug 15, 2020, 2:08 PM IST

যোৰহাট, 15 আগষ্ট: শনিবাৰে যোৰহাটত ৩০০ খন বিচনাযুক্ত এখন অস্থায়ী COVID চিকিৎসালয় উদ্বোধন কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ যোৰহাটৰ জে ডি এচ এ খেলপথাৰত নিৰ্মাণ কৰা হৈছে চিকিৎসালয় খন ৷ গুৱাহাটীৰ খানাপাৰাস্থিত COVID চিকিৎসালয়ৰ আৰ্হিতে নিৰ্মাণ কৰা হৈছে যোৰহাট ৩০০ খন বিচনাযুক্ত অস্থায়ী COVID চিকিৎসালয় খন ৷ জিলাখনত কৰ'ণা আক্ৰান্ত লোকৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হয় চিকিৎসালয়খন ৷ চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, টীয়কৰ বিধায়ক ৰেণুপমা ৰাজখোৱা, যোৰহাটৰ জিলা উপায়ুক্ত ৰশ্নি অপাৰঞ্জী কৰাটী, বিজেপি নেতা শান্তনু পূজাৰী ৷

যোৰহাটত ৩০০ বিচনাযুক্ত অস্থায়ী COVID চিকিৎসালয় উদ্বোধন

চিকিৎসালয়খনত যিকোনো সময়তে ৰোগী ৰাখিব পৰাকৈ প্ৰস্তুত হৈ আছে বুলি মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমযোগে সদৰি কৰে ৷ ইয়াৰোপৰি কৰ'ণা আক্ৰান্ত ৰোগীৰ বাবে 1000 খন বিচনাৰ ব্যৱস্থা যোৰহাট জিলাৰ ভিন্ন স্থানত আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ যোৰহাট জিলাত বৰ্তমানলৈ 3,569 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ তাৰ ভিতৰত কেৱল 1616 গৰাকীহে সক্ৰিয় সক্ৰান্ত লোক যোৰহাট জিলাত আছে বুলি জানিবলৈ দিয়ে যোৰহাট জিলা উপায়ুক্ত ৰশ্নি অপাৰঞ্জী কৰাটীয়ে ৷ ইতিমধ্যে জিলাখনত কৰ'ণা পৰীক্ষাৰ ব্যৱস্থা বৃদ্ধি কৰাৰ লগতে সম্প্ৰতি চহৰ এলেকাত আক্ৰান্তৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে বুলিও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷ তথাপিও কৰ'ণাৰ ক্ৰমবৰ্ধমান ৰূপে পুনৰ জিলা খনত প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে সকলো সাজু হৈ থকাৰ লগতে সজাগতা অৱলম্বন কৰিব লাগে বুলি কয় তেওঁ ৷ আনহাতে সাংসদ কামাখ্যা প্ৰসাদ তাছাইয়ো সকলো লোককে কৰ'ণাৰ ক্ষেত্ৰত সজাগ হৈ ইয়াৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনালে ৰাইজক ৷

লগতে পঢ়ক: অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ’লে খণ্ড-বিখণ্ড হ’ব অসম : প্ৰদীপ দত্ত ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.