ETV Bharat / state

Rhino free roaming : ২০২২ চনৰ পৰাই যোৰহাটত ৩ টা গঁড়ৰ মুক্ত বিচৰণ - Rhino terror in Jorhat

যোৱা বছৰৰ পৰা ৩ টাকৈ গঁড়ে যোৰহাটৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে (Rhino terror in Jorhat)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা গঁড়কেইটাক সুৰক্ষা প্ৰদান কৰিছে যোৰহাট বন বিভাগে । কিন্তু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক তথা যোৰহাট আঞ্চলিক বন বিভাগৰ কৰ্মীসকল ।

Rhino free roaming
২০২২ চনৰ পৰাই যোৰহাটত ৩ টা গঁড়ৰ মুক্ত বিচৰণ
author img

By

Published : Feb 5, 2023, 6:28 PM IST

২০২২ চনৰ পৰাই যোৰহাটত ৩ টা গঁড়ৰ মুক্ত বিচৰণ

যোৰহাট,৫ ফেব্ৰুৱাৰী : বিগত বছৰৰ পৰাই যোৰহাটৰ বিভিন্ন অঞ্চলত গঁড়ে মুক্ত বিচৰণ কৰি আছে (Free roaming of Rhino)। প্ৰায় ৩ টাকৈ গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ আছে যোৰহাটবাসী । কিন্তু বৰ্তমানলৈ বন বিভাগে গঁড়কেইটা কাজিৰঙালৈ খেদি পঠিওৱাত সম্পূৰ্ণ বিফল হৈছে । বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাও দেখা গৈছে বহু লোকক ।

ইয়াৰ মাজতে পুনৰ যোৰহাটৰ বৰছলা,পটিয়াছলা আৰু হাতীশালত ৩ টাকৈ গঁড়ৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে (3 Rhinos free roaming in Jorhat)। আনহাতে গঁড়কেইটাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে যোৰহাট বন বিভাগ ।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বহু জিলাত প্ৰায়ে গঁড়ৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায় । ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা গঁড়বোৰে পথ হেৰুৱাই গ্ৰামাঞ্চলত প্ৰৱেশ কৰে । এই ধৰণৰ ঘটনা নগাঁও, যোৰহাট, গোলাঘাট আৰু মাজুলীত প্ৰায়ে দেখিবলৈ পোৱা যায় ।

জানিব পৰা মতে ২০২২ চনৰ ২৮ ডিচেম্বৰৰ পৰাৰ আজি পৰ্যন্ত যোৰহাটত ৩ টাকৈ গঁড়ে মুক্ত বিচৰণ কৰি আছে । প্ৰথম অৱস্থাত কাকজানৰ কমাৰ খাটোৱালত মুক্ত বিচৰণ কৰি থকাৰ পাছত সেই গঁড়কেইটা বৰ্তমান যোৰহাট জিলা বৰছলা বিল,পটিয়াছলা বিল, অম্বাৰৱতী আশ্ৰম আদিত মুক্ত বিচৰণ কৰাৰ লগতে হাতীশালৰ ই'ক পাৰ্কৰ ওচৰতো অৱস্থান কৰি আছে । ইফালে পুৱাৰে পৰা যোৰহাট জিলা আঞ্চলিক বন বিষয়াৰ নিৰ্দেশ মৰ্মে বন বিভাগে গঁড় কেইটাক সুৰক্ষা প্ৰদান কৰি আহিছে ।

আনহাতে এইক্ষেত্ৰত নিমাতী আৰক্ষী চকীৰ আৰক্ষীয়ে গঁড় কেইটাৰ সুৰক্ষাৰ স্বাৰ্থত বন বিভাগক সহায় কৰি আহিছে । অৱশ্যে উক্ত অঞ্চলকেইটাত মুক্ত বিচৰণ কৰা গঁড় কেইটাই কোনো ধৰণৰ ক্ষয়-ক্ষতি কৰাৰ নাই বুলিও স্বীকাৰ কৰিছে বনকৰ্মীসকলে । কিন্তু ইয়াৰ মাজতে যোৰহাট বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ তুলিছে (Negligence of Kaziranga National Park authority)।

বিগত বৰ্ষৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ১০ৰ পৰা ১২ টাকৈ গঁড়ে যোৰহাট ,মাজুলী আৰু গোলাঘাটৰ বিভিন্ন অঞ্চলত মুক্ত বিচৰণ কৰি সন্ত্ৰাস চলাই আছে যদিও এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই । ইফালে যোৰহাটৰ বিভিন্ন স্থানত আকৌ গঁড়ৰ আক্ৰমণত বন বিষয়া, বনকৰ্মী লগতে সাধাৰণ জনতাও আঘাতপ্ৰাপ্ত হোৱাৰ উদাহৰণ আছে ।

লগতে পঢ়ক :Rhino attacks man: দেৰগাঁৱত গঁড়ৰ আক্ৰমণত আহত এজন যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.