ETV Bharat / state

মাতৃৰ বুকুৰ পৰা 15 দিনলৈ কোনে কাঢ়ি নিছিল এটা দুমহীয়া শিশুক ?

author img

By

Published : Nov 25, 2021, 10:49 PM IST

চাইল্ড লাইনৰ হেমাহিৰ বাবে এইখন অসমৰে এটা দুমহীয়া শিশু ১৫ দিন ধৰি বঞ্চিত হৈ থাকিব লগীয়া হ'ল মাতৃৰ মৰমৰ পৰা ৷ সবিশেষ জানো আহক ৷

2-month-old-baby-taken-away-from-mother-by-child-line
মাতৃৰ বুকুৰ পৰা 15 দিন লৈ কোনে কাঢ়ি নিছিল এটা দুমহীয়া শিশুক ?

যোৰহাট, 25 নৱেম্বৰ : শেহতীয়াকৈ, যোৰহাটত সংঘটিত হৈছে এক অঘটন । জিলা প্ৰশাসন, চাইল্ড লাইনৰ হেমাহিৰ বাবে মাতৃৰ বুকুৰ পৰা এটা দুমহীয়া শিশু ১৫ দিন ধৰি আতৰি থাকিব লগীয়া হ'ল(2 month old baby taken away from mother) । ঘটনাটো ঘটিছিল বিগত ১০ নৱেম্বৰত । লাহদৈগড়ৰ দিহা নাগিনীজান চাহ বাগিচাৰ এটা দম্পতীৰ এটা দুমহীয়া সন্তান আত্মীয়ৰ ঘৰত থৈ পৰিয়ালৰ লোক চাহ বাগিচাৰ কামলৈ গৈছিল । কিন্তু কোনো অজ্ঞাত ব্যক্তিয়ে শিশুটি আত্মীয়ক বিক্ৰী কৰি দিয়াৰ অভিযোগ আনি চাইল্ড লাইনক ফোন যোগে জনায় ।

ইয়াৰ পাচতেই চাইল্ড লাইনৰ এটা দল লাহদৈগড় থানাত অৱগত কৰি এখন উকা কাগজত শিশুটি উদ্ধাৰ কৰাৰ সন্দৰ্ভত লিখি দুমহীয়া শিশুটি উদ্ধাৰ কৰি আনে (child line rescues baby without mother's concern)। এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে শিশুটিৰ পিতৃ মাতৃ আহি উপস্থিত হয়হি আৰু শিশুটি নেদেখাত হতচকিত হৈ পৰে(mothers losses her baby) । লগে লগে স্থানীয় লোকৰ সৈতে দম্পতি হাল আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ উত্থাপন হয় ।

অসহায় দম্পতীটোৱে লগে লগে কাষ চাপে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিন্টু গোস্বামীৰ । জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে ঘটনা গম পোৱাৰ পাচত যোৰহাট জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ কাষ চাপে যদিও কোনো সঁহাৰি নাপায় । যাৰ ফলত অধিবক্তা জন ন্যায়ালয়ৰ কাষ চাপে ।

ন্যায়ালয়ে সমগ্ৰ ঘটনাটো গম পোৱাৰ পাচত চাইল্ড লাইনৰ লগতে ঘটনাৰ লগত জড়িত আন আন স্বেচ্ছাসেৱী সংগঠনক আদালতত হাজিৰ হ'বৰ বাবে নিৰ্দেশ দিয়ে যদিও আদালতত হাজিৰ নহয় । সেয়ে পৰৱৰ্তী সময়ত আদালতে চমন জাৰি কৰি এই ঘটনাৰ লগত জড়িত লোক সকলক মাতি আনিবলৈ বাধ্য হয় । অৱশেষত ১৫ দিনৰ পিছত বৃহস্পতিবাৰে শিশুটিক মাতৃৰ হাতত গতাই দিবলৈ বাধ্য হয় এই ঘটনাটোৰ সৈতে জড়িত লোক সকল ।

লগতে পঢ়ক : Unbelieveable: নাকেৰে গাখীৰ টানি চকুৰে উলিয়াই চমক সৃষ্টি এজন ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.