ETV Bharat / state

প্ৰথমখন অসম মহিলা বিশ্ববিদ্যালয়ত প্ৰথম দীক্ষান্ত সমাৰোহ - 1st convocation in assam woman university

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ত মঙলবাৰে প্ৰথম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় ৷ বিশ্ববিদ্যালয়খনৰ পৰা উত্তীর্ণ হোৱা ৫৮০ গৰাকী ছাত্ৰীক এই অনুষ্ঠানত প্ৰদান কৰা হয় মান-পত্ৰ ৷

1st convocation in assam woman university
প্ৰথমখন অসম মহিলা বিশ্ববিদ্যালয়ত প্ৰথম দীক্ষান্ত সমাৰোহ
author img

By

Published : Feb 25, 2020, 6:31 PM IST

যোৰহাট, 25 ফেব্ৰুৱাৰী : অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হ'ল প্ৰথম দীক্ষান্ত সমাৰোহ ৷ বিগত ৫ বছৰত বিশ্ববিদ্যালয়খনৰ পৰা উত্তীর্ণ হোৱা ৫৮০ গৰাকী ছাত্ৰীক এই অনুষ্ঠানত মান-পত্ৰ প্ৰদান কৰা হয় ৷ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা দীক্ষান্ত সমাৰোহত উত্তীর্ণ হোৱা ছাত্ৰীসকলে অসমীয়া সাজ-পাৰ পৰিধান কৰি গ্ৰহণ কৰে মানপত্ৰ ৷ মহিলা বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰী সকলক প্ৰদান কৰা হয় এই মান পত্ৰ ৷

২০১৪ চনতে স্থাপন হোৱা অসম মহিলা বিশ্ববিদ্যালয়খনে বহু ঘাট-প্ৰতিঘটাৰ পিচত মঙলবাৰে অনুষ্ঠিত কৰা প্ৰথম দীক্ষান্ত সমাৰোহত অংশ গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে ছাত্ৰীসকল ৷ বিশ্ববিদ্যালয়খনত কৰ্মৰত ঠিকা ভিত্তিক শিক্ষক-শিক্ষয়ত্ৰী সকলক সু-সংস্থাপন প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্তব্য কৰে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখীয়ে ৷ আনহাতে বিশ্ববিদ্যালয়খনৰ উপাচার্য মালিনী গোস্বামীয়ে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰি সন্তোষ প্ৰকাশ কৰে ৷

প্ৰথমখন অসম মহিলা বিশ্ববিদ্যালয়ত প্ৰথম দীক্ষান্ত সমাৰোহ

উল্লেখ্য যে, ২০১৪-১৬ বৰ্ষত বিশ্ববিদ্যালয়খনৰ পৰা বিজনেচ মেনেজমেন্টৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ চালমা চুলতানা খাতুনক প্ৰায়ত চিত্তৰঞ্জন দাস মেমোৰিয়েল বঁটা, ২০১৫-১৭ চনৰ ফেচন এণ্ড টেকন'লজীৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ সোমা দাসক প্ৰায়ত হাচান আহমেদ বঁটা, ২০১৬-১৮ চনৰ লাইব্ৰেৰী এণ্ড ইনফৰমেচন শ্ৰেষ্ঠ স্নাতকোত্তৰ স্মৃতি ৰেখা চাংমাইক প্ৰয়াত লিকন বৰা বঁটা প্ৰদান কৰাৰ বিপৰীতে ২০১৭-১৯ চনৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ ফেচন এণ্ড টেকন'লজীৰ পূবালী ফুকনক প্ৰদান কৰা হয় ৷

সমাৰোহত উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা মহিলা বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখী , অসম বিধান সভাৰ অধ্যক্ষ হিতেন গোস্বামী , ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷

আৰু পঢ়ক : যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন ৰাজ্যপালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.