হোজাই, 22 জুলাই: ৰাজ্যত অব্যাহত আছে পেট্ৰ’ল,ডিজেলৰ মূল্যবৃদ্ধি ৷ হোজাইত বুধবাৰে পেট্ৰ’ল,ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ যুৱ কংগ্ৰেছৰ ৷ ঠেলাগাড়ীত মটৰচাইকেল উঠাই প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে ৷
প্ৰায় এক কিলোমিটাৰ ঠেলাগাড়ী চলাই যুৱ কংগ্ৰেছ কৰ্মী সকলে বিজেপি চৰকাৰ মুৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক,মোডী চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে হোজাই চহৰৰ পৰিৱেশ ৷
যুৱ কংগ্ৰেছৰ হোজাই জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদী কাৰ্যসূচীত হোজাই জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাৰুল ইছলাম আৰু সম্পাদিকা মমতাজ বেগম উপস্থিত থাকে ৷
লগতে চাওক-কৰিমগঞ্জৰ আছিমগঞ্জত পথ অৱৰোধ কাৰ্যসূচী