ETV Bharat / state

যৌতুক দাবীৰে বোৱাৰী নিৰ্যাতন: কাকী থানাত গোচৰ ৰুজু

author img

By

Published : Jul 9, 2020, 8:30 PM IST

হোজাইত পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ ঘটনা । যৌতুক বিচাৰি স্বামীৰ লগতে স্বামী পৰিয়ালে নানান ধৰণৰ অত্যাচাৰৰ অভিযোগ । অতিষ্ঠ বোৱাৰীয়ে অৱশেষত কাকী থানাত তৰিলে গোচৰ ।

woman-torture-at-kaki fir launch
অভিযুক্ত স্বামী আফাচ উদ্দিন

হোজাই, ৯ জুলাই : ৰাজ্যত আন এক নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে । হোজাই জিলাৰ কাকী টঙিয়াত যৌতুকৰ বাবে এগৰাকী বোৱাৰীৰ ওপৰত স্বামীৰ লগতে স্বামী গৃহৰ আনসকল সদস্যই অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

woman-torture-at-kaki fir launch
অভিযুক্ত স্বামী আফাচ উদ্দিন

জানিব পৰা মতে, প্ৰায় চাৰি মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল কদমণি পথাৰৰ আফছানা বেগম আৰু কাকী টঙিয়াৰ আফাচ উদ্দিন । প্ৰথম অৱস্থাত সকলো থিকেই আছিল যদিও বিবাহৰ কিছুদিন পিছৰ পৰাই আৰম্ভ হয় ন-বোৱাৰীৰ ওপৰত অত্যাচাৰ । যৌতুক বিচাৰি স্বামীৰ ঘৰৰ পৰিয়ালে নানান ধৰণৰ অত্যাচাৰ চলোৱা আৰম্ভ কৰিলে বোৱাৰীৰ ওপৰত । বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে কেৰাচিন ঢালি জ্বলাই দিয়াৰো চেষ্টা কৰিছিল বুলি অভিযোগ আনিছে আফচানাৰ পৰিয়ালে । আফচানাৰ অভিযোগ, তেওঁৰ স্বামী অৰ্থাৎ আফাচ উদ্দিন আৰু স্বামী পৰিয়ালে যৌতুকৰ বাবে দুই লাখ টকাৰ লগতে এটা পকী ঘৰ নিৰ্মাণ কৰি দিবলৈকো দাবী কৰি আহিছিল ।

যৌতুক দাবীৰে বোৱাৰী নিৰ্যাতন: কাকী থানাত গোচৰ

ইতিমধ্যে নিৰ্যাতিতা মহিলা আফচানাই কাকী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়কঃ বোৱাৰীৰ ৰহস্যজনক মৃত্যুত উত্তাল কৰিমগঞ্জ: হত্যাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.