ETV Bharat / state

লামডিঙত অসম ভিত্তিত ভাৰোত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতা

author img

By

Published : Jun 14, 2022, 1:07 PM IST

ডিমা হাছাও ভাৰোত্তোলন সন্থা আৰু লামডিং লিঅ'পাৰ্ড জীমৰ উদ্যোগত লামডিঙ ৰে'লৱে ইনষ্টিটিউটত অসম ভিত্তিত অনুষ্ঠিত হয় ভাৰোত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতা (Weightlifting and arm wrestling competition in Lumding)। অসমৰ মুঠ ৭ খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ৭০ ৰো অধিক খেলুৱৈয়ে ভাগ লয় এই প্ৰতিযোগিতাত ৷

Weightlifting
লামডিঙত অসম ভিত্তিত ভাৰোত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতা

হোজাই,১৪ জুন : হোজাই জিলাৰ লামডিঙত অনুষ্ঠিত হৈছে ভাৰোত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতা (Weightlifting and arm wrestling competition in Lumding)। জিলাখনৰ ভাৰোত্তোলন সন্থা আৰু লামডিং লিঅ'পাৰ্ড জীমৰ উদ্যোগত লামডিঙ ৰে'লৱে ইনষ্টিটিউটত অসম ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় (Weightlifting competition in Lumding Railway Institute)।

উক্ত প্ৰতিযোগিতাত হোজাই, শিৱসাগৰ, বাক্সা, নগাঁও, কামৰূপ মেট্ৰ’কে ধৰি অসমৰ মুঠ ৭ খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ভাৰোত্তোলন আৰু পাঞ্জা ক্ৰীড়া প্ৰতিযোগিতাখনৰ বিভিন্ন শাখাত পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷ ৭০ ৰো অধিক খেলুৱৈয়ে ভাগ লয় এই প্ৰতিযোগিতাত ৷ বিগত বহু বছৰৰ অন্তত লামডিঙত পুনৰ অসম ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাত লামডিঙৰ খেলুৱৈসকলৰ লগতে ৰাইজো উৎফুল্লিত হোৱা দেখা গৈছে ।

প্ৰতিযোগিতাত বিচাৰক তথা ৰেফাৰী হিচাপে থাকে অসম ক্ৰীড়া ভাৰোত্তোলন সন্থাৰ নেতৃবৃন্দ ৷ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ষ্ট্ৰং মেন খিতাপ অৰ্জন কৰে কামৰূপৰ আদিত্য জ্যোতি শইকীয়াই আৰু মহিলাৰ শাখাত ষ্ট্ৰং অ’মেন খিতাপ অৰ্জন কৰে লামডিঙৰ ৰিয়া ওৰফে বেবী সাহাই ৷ আনফালে পাঞ্জা প্ৰতিযোগিতাত ষ্ট্ৰং মেন খিতাপ অৰ্জন কৰে গুৱাহাটীৰ বিশ্বজিৎ দলেয়ে আৰু মহিলা শাখাত ষ্ট্ৰং অ’মেন খিতাপ অৰ্জন কৰে নগাঁৱৰ কাশ্মিৰী কাশ্যপে ৷

খিতাপ অৰ্জন কৰা খেলুৱৈসকলৰ লগতে বিভিন্ন বিভাগত অংশগ্ৰহণ কৰি প্ৰথম, দ্বিতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক নগদ ধনসহ মেডেল আৰু পুৰস্কাৰ প্ৰদান কৰা হয় ৷ সফলতাৰে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত লামডিঙ শৰীৰচৰ্চা সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে লিঅ’পাৰ্ড জীমৰ স্বত্বাধিকাৰ ৰুবী দাস আৰু অৰূপ দে'ৰ লগতে আন সদস্যসকলেও সহযোগিতা আগবঢ়ায় ৷

লামডিঙত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে লামডিঙ সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন খেলুৱৈ ফণীভূষণ চক্ৰৱৰ্তী, মিষ্টাৰ ইউনিভাৰ্চ গ'ল্ড মেডেলিষ্ট প্ৰসেনজিৎ কৰ্মকাৰ, ৰাষ্ট্ৰীয় গ'ল্ড মেডেলিষ্ট আজাদ বাচফৰ, মিষ্টাৰ অসম জুনিয়ৰ ৰাজদ্বীপ দেৱ, লামডিঙ আৰক্ষী থানাৰ সমৰ ধৰ, ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা, এপিটিএফৰ বিষয়া ফাইজ আহমেদ বৰভূঞাকে ধৰি লামডিঙ ৰে'লৱে আৰক্ষী প্ৰশাসনৰো বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যক প্ৰতিনিধিত্ব কৰিব ৰাজ্যৰ ৭০ গৰাকী খেলুৱৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.