ETV Bharat / state

ক'ভিডৰ ছুপাৰ স্প্ৰেডাৰৰ ৰূপত এখন বিয়া - হোজাই ক’ভিড 19

হোজাইৰ কাকীৰ বিবাহস্থলীত কৰ'ণাৰ গণ সংক্ৰমণ । প্ৰথমে দৰাৰ ভাতৃৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । বিগত দুটা দিনত বিবাহৰ অভ্যৰ্থনাৰ অনুষ্ঠানত উপস্থিত থকা ১৫ জন লোক আক্ৰান্ত হ'ল ক'ভিড-১৯ত ।

Wedding turns covid super spreader as 15 guests test positive
হোজাইৰ বিবাহস্থলীত কৰ'ণাৰ গণ সংক্ৰমণ
author img

By

Published : May 12, 2021, 10:47 AM IST

হোজাই, ১২ মে': প্ৰশাসনে সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দি ক'ভিডৰ গণ সংক্ৰমণ ৰোধৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে ক'ভিডৰ ছুপাৰ স্প্ৰেডাৰলৈ পৰিণত হৈছে হোজাইৰ এখন বিয়া । ১ নং কাকীৰ ২ নং বঢ়মপুৰ গাঁৱৰ এখন বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত ভয়াৱহ গণ সংক্ৰমণ ।

উল্লেখ্য যে, যোৱা ৪ মে'ত হীৰকজ্যোতি ফুকন নামৰ যুৱজজনৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত গোট খাইছিল গাঁওখনৰ প্ৰায় সকলো লোক । বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ পিছত যোৱা ৮ মে'ত দৰাৰ ভাতৃৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

ইয়াৰ পিছতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিয়াত উপস্থিত থকা আন লোকৰো ক'ভিড পৰীক্ষা সম্পন্ন কৰোৱা হয় । যোৱা দুটা দিনত বিবাহৰ অনুষ্ঠানত উপস্থিত থকা ১৫জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । এতিয়াও গাঁওখনৰ বহু লোকৰ ক'ভিড পৰীক্ষা কৰাবলৈ বাকী আছে ।

বিবাহৰ অনুষ্ঠানত উপস্থিত আন লোকো সংক্ৰমিত হোৱাৰ আশংকা কৰা হৈছে । আনহাতে, হোজাইৰ জিলা স্বাস্থ্য বিভাগে গাঁওখনত ৰেপিড এন্টিজেন টেষ্ট কৰাই আছে । অধিক লোক সংক্ৰমিত হোৱাৰ কথা পোহৰলৈ আহিলে গাঁওখন কন্টেইন্টমেন্ট জ'ন ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইয়াকে লৈ শংকিত হৈ পৰিছে গাঁওখনৰ আন লোকসকল ।

লগতে পঢ়ক:জীৱন নাটৰ যৱনিকা পৰিল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.