ETV Bharat / state

Khelo India Youth Games ৰ পদক বিজয়ীক হোজাইত বিপুল আদৰণি - Rahul Chauhan wins silver in Khelo India Youth Games

Khelo India Youth Gamesত থাংতা প্ৰতিযোগিতাত পদক বিজয়ী ৰাহুল চৌহানক হোজাই ৰেল ষ্টেচনত বিপুল আদৰণি । প্ৰতিযোগিতাত অসমৰ ১১ প্ৰতিযোগীৰ ভিতৰত একমাত্ৰ ৰাহুলৰ পদক লাভ ।

at hojai
Khelo India Youth Gamesৰ পদক বিজয়ীক হোজাইত বিপুল আদৰণি
author img

By

Published : Jun 15, 2022, 12:46 PM IST

হোজাই, ১৫জুন : চতুৰ্থ Khelo India Youth Gamesত থাংতা প্ৰতিযোগিতাত ৰূপৰ পদক বিজয়ী হোজাইৰ ৰাহুল চৌহানক বুধবাৰে হোজাই ৰেল ষ্টেচনত বিপুলভাৱে আদৰণি জনোৱা হয় । তেওঁ হাৰিয়ানাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ৰূপৰ পদক লাভ কৰি তেওঁ অসমলৈ গৌৰৱ কঢ়িয়াই আনে । বুধবাৰে হোজাই মিলিকবস্তিৰ ৰাহুল চৌহানক হোজাই ৰেল ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে তেওঁক বিপুল আদৰণি জনোৱা হয় (Rahul Chauhan wins silver in Khelo India Youth Games)।

খেলুৱৈগৰাকী আহিব বুলি খবৰ লাভ কৰাৰ পাছতে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা দল-সংগঠনে আদৰণি জনাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল । হাৰিয়ানাৰ পৰা ৰেলেৰে আহি হোজাই ৰেলৱে ষ্টেচনত খেলুৱৈগৰাকী উপস্থিত হোৱাত তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাত এনে আদৰণিত অভিভূত হৈ পৰে । জিলাখনৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় লোকসকলে এই সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে (Different organization WelCome Rahul Chauhan) ।

উল্লেখ্য় যে চতুৰ্থ Khelo India Youth Games ত হোজাই মিলিকবস্তি গাঁও পঞ্চায়তৰ অন্তৰ্গত শিঙিমাৰী গাঁৱৰ ৰাহুল চৌহানে থাংতা (Thang-Ta game ) প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

জিলাখনৰ পৰা এই প্ৰতিযোগিতাত ৰাহুল চৌহানে প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰাত জিলাবাসীৰ মাজত আনন্দৰ লহৰ বৈছে । উল্লেখ্য় যে, অসমৰ পৰা এঘাৰজন প্ৰতিযোগীয়ে থাংতা প্ৰতিযোগিতাত Khelo India Youth Games অংশগ্ৰহণ কৰিছিল যদিও ৰাহুল চৌহানেহে প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: অধিক অৱনতি ঘটিব পাৰে গুৱাহাটীৰ পৰিস্থিতি: তিনিদিনলৈ নকমে বৰষুণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.