ETV Bharat / state

লামডিঙৰ উচ্ছেদিত লোকক সাহায্য বিতৰণ AMSU ৰ

author img

By

Published : Nov 15, 2021, 5:44 PM IST

লামডিঙৰ উচ্ছেদিত পৰিয়ালৰ কাষত সোমবাৰে উপস্থিত হ’ল আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ ৷ সৰকাৰে অস্থায়ী শিবিৰত বাস কৰা উচ্ছেদিত লোকসকলৰ মাজত খাদ্য সামগ্ৰী আৰু কম্বল বিতৰণ কৰে ৷

warm-clothes-distribution-among-evicted-people-of-hojai-assam-etv-bharat-news
হোজাইৰ উচ্ছেদিতৰ কাষত আমছুৰ নেতৃবৰ্গ

হোজাই, 15 নৱেম্বৰ : হোজাই জিলা প্ৰশাসনৰ সহযোগত আৰু বন বিভাগৰ উদ্যোগত ৮ আৰু ৯ নৱেম্বৰত লামডিং বনাঞ্চলত চলিছিল উচ্ছেদ অভিযান ৷ উক্ত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা ভূমিত চলিছিল প্ৰশাসনৰ বুলড’জাৰ ৷ তাৰ দুদিন পিছতে পুনৰ লামডিং বনাঞ্চলৰ থাদংনলাত জিলা প্ৰশাসনে চলাই উচ্ছেদ অভিযান । সম্প্ৰতি উচ্ছেদিত লোকসকলে বাস কৰি আছে অস্থায়ী শিবিৰত ৷

সোমবাৰে হোজাইৰ উচ্ছেদিত জনতাৰ কাষত উপস্থিত হয় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ ৷ লামডিঙৰ নখুঁটিৰ উচ্ছেদিত জনতাৰ কাষত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় আমছুৰ সভাপতিগৰাকীয়ে ৷ আমছু নেতা বকুল আহমেদৰ লগতে জিলাখনৰ দলীয় কৰ্মীসকলক লগত লৈ নখুঁটিত উপস্থিত হয় সৰকাৰ ৷ সৰকাৰে অস্থায়ী শিবিৰত বাস কৰা লোকসকলৰ মনৰ বুজ লোৱাৰ লগতে কম্বল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

উল্লেখ্য যে, ৰাইজৰ পৰা দান-বৰঙণি তুলি আমছুৱে উচ্ছেদিত লোকসকলৰ মাজত সেয়া বিতৰণ কৰে ৷ আমছুৰ সভাপতিগৰাকীয়ে উক্ত লোকসকলৰ পৰিস্থিতিৰ বুজ লৈ তেওঁলোকক পাৰ্যমানে সহায় কৰিবলৈ সমগ্ৰ অসমবাসীক আহ্বান জনায় ৷

লগতে চাওক: পুনৰ হোজাই জিলাৰ লামডিং বনাঞ্চলৰ থাদংনলাত চলিল প্ৰশাসনৰ বুলড’জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.